চিটাৰা ডেস্ক, 29 মে’: শেহতীয়া কোভিড-19ৰ বাবে ডিজিটেল মিডিয়াত নিজৰ চিৰিজ মুকলি কৰা প্ৰশংসিত অভিনেতা পংকজ ত্ৰিপাঠীৰ প্লেটফ’ৰ্মক লৈ মন্তব্য ৷ ডাঙৰ পৰ্দাই হওঁক বা সৰু পৰ্দাই হওঁক, যিকোনো মাধ্যমতে অভিনেতা এজনে নিজৰ অভিনয়ৰে দৰ্শকৰ সৈতে সংযোগ স্থাপন কৰিব পাৰে ৷
এজন অভিনেতা হিচাপে অভিনেতাজনে নিজৰ পাৰদৰ্শীতাৰ ওপৰত গুৰুত্ব দিয়ে, যাতে তেওঁৰ অভিনয়ে দৰ্শকৰ হৃদয় চুই যাব পাৰে ৷ এই ক্ষেত্ৰত অভিনেতাজনে ডাঙৰ বা সৰু পৰ্দাৰ গুণাগুণ জুখি নাথাকে বুলি অভিনেতা পংকজ ত্ৰিপাঠীয়ে নিজৰ মত ব্যক্ত কৰে ৷