অসম

assam

ETV Bharat / sitara

"ঠাকুৰ সজ্জন সিং" খ্যাত অভিনেতা অনুপম শ্যামৰ দেহাৱসান - pratigya

প্ৰতিজ্ঞাৰ ঠাকুৰ সজ্জন সিং আৰু নাই ৷ দেওবাৰে নিশা মুম্বাইৰ লাইফ লাইন হাস্পতালত বাৰ্ধক্যজনিত কাৰণত অভিনেতাগৰাকীৰ মৃত্যু ঘটে ৷

actor anupam shyam passes away
অনুপম শ্যামৰ মৃত্য়ু

By

Published : Aug 9, 2021, 7:47 AM IST

নিউজ ডেস্ক, 9 আগষ্ট : অভিনেতা অনুপম শ্যাম ৷ নামেই যাৰ পৰিচয় ৷ ভাৰতীয় ছবিজগত আৰু টেলিভিছনৰ এক পৰিচিত নাম অনুপম শ্যাম ৷ বিশেষকৈ ষ্টাৰ প্লাছযোগে প্ৰচাৰিত ধাৰাবাহিক মন কী আৱাজ প্ৰতিজ্ঞাৰ সজ্জন সিঙৰ ভূমিকাত অভিনয় কৰা শিল্পীগৰাকীক পাহৰিবনো কোনে পাৰে ? বহু টিভি ছিৰিয়েল, ছবিত খলনায়কৰ ভূমিকাত অভিনয় কৰি দৰ্শক তথা অনুৰাগীৰ মাজত সমাদৰ লাভ কৰিছিল অভিনেতাগৰাকীয়ে ৷

ঠাকুৰ সজ্জন সিং খ্যাত অভিনেতা অনুপম শ্যাম

1957 চনৰ 20 ছেপ্তেম্বৰত প্ৰতাপগড়ত জন্মগ্ৰহণ কৰা অভিনেতাগৰাকীয়ে অভিনয়ৰ জগতখনলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে কেইবাটাও পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছিল ৷ 2010 চনত অভিনেতাগৰাকীয়ে Indian Telly Award for Best Actor in a Negative Role বঁটা লাভ কৰিবলৈ সক্ষম হয় ৷ অভিনয় জগতত সুকীয়া স্থান দখল কৰিবলৈ সক্ষম হোৱা অনুপম শ্যামৰ দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত দেওবাৰে নিশা 63 বছৰ বয়সত দেহাৱসান ঘটে ৷

অনুপম শ্যামৰ মৃত্য়ু

অভিনেতা গৰাকীয়ে জীৱনৰ শেষৰ সময়চোৱা বৃক্কজনিত জটিলতাত আক্ৰান্ত হৈ চিকিৎসা গ্ৰহণ কৰি আছিল ৷ মুম্বাইস্থিত লাইফ লাইন হাস্পতালত অভিনেতাগৰাকীৰ মৃত্যু ঘটে ৷ বিশিষ্ট অভিনেতাগৰাকীৰ শৰীৰৰ বহু অংগ নিস্ক্ৰিয় হৈ পৰিছিল ৷ অভিনেতাগৰাকীৰ মৃত্যু ভাৰতীয় ছবি তথা টেলিভিছন জগতৰ বাবে অপূৰণীয় ক্ষতি ৷

লগতে চাওক:অসমীয়া ছবি ‘God on the Balcony’ লৈ আন্তঃৰাষ্ট্ৰীয় বঁটা

ABOUT THE AUTHOR

...view details