নিউজ ডেক্স,২ মেঃ সম্প্ৰতি তাৰকা সন্তানৰ যাদুৱে আকৰ্ষিত কৰিছে সকলো অনুৰাগীকে। শেহতীয়াকৈ বলিউডৰ জনপ্ৰিয় তাৰকা অভিষেক বচ্চন আৰু ঐশ্বৰ্য ৰায়ৰ কন্যা আৰাধ্যাৰ এটা মৰমলগা ভিডিঅ' প্ৰকাশ পাইছে চ'ছিয়েল মিডিয়া যোগে। বি টাউনৰ অনুৰাগীসকলৰ মাজত খুবেই চৰ্চা লাভ কৰিছে ভিডিঅ'টোৱে।
অভিষেক বচ্চনে ফুটবল খেলিলে, ঐশ্বৰ্য আৰু আৰাধ্যাই উৎসাহ যোগালে - ঐশ্বৰ্য ৰায়
মুম্বাইত ১ মে'ৰ দিনা বলিউড বনাম টেলিভিচন ফুটবল খেলখনত মাতৃ ঐশ্বৰ্য আৰু পিতৃ অভিেষেকৰ সৈতে উৎসাহী ৰূপত দেখিবলৈ পোৱা কন্যা আৰাধাক। চ'ছিয়েল মিডিয়া যোগে প্ৰকাশ পাইছে তাৰকা কন্যা আৰাধ্যাৰ এটা মৰমলগা ভিডিঅ'। য'ত আৰাধ্যাই পিতৃ অভিষেক বচ্চনৰ কোলাত উঠি আনন্দ কৰা দেখিবলৈ পোৱা গৈছে ।
![অভিষেক বচ্চনে ফুটবল খেলিলে, ঐশ্বৰ্য আৰু আৰাধ্যাই উৎসাহ যোগালে](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-3170572-thumbnail-3x2-avi.jpg)
অভিষেক বচ্চনে ফুটবল খেলিলে
অভিষেক বচ্চনে ফুটবল খেলিলে , ঐশ্বৰ্য আৰু আৰাধ্যাই উৎসাহ যোগালে
দৰাচলতে, মুম্বাইত অনুষ্ঠিত হোৱা বলিউড বনাম টেলিভিছনৰ ফুটবল খেল চাবলৈ গৈছিল অভিনেত্ৰী ঐশ্বৰ্য ৰায় আৰু কন্যা আৰাধ্যাই। খেলখনত অংশগ্ৰহণ কৰিছিল পিতৃ অভিষেক বচ্চনে। খেলখনত অভিনেতা গৰাকীয়ে বিজয় লাভ কৰাৰ পাছতে ঐশ্বৰ্য ৰায় আৰু কন্যাই শুভেচ্ছা দিলে খেলপথাৰৰ মাজতে। কন্যা আৰাধ্যাই পিতৃৰ কোলাত উঠি আনন্দ কৰাৰ সুন্দৰ মূহুৰ্ত বন্দী হৈ ৰ'ল এই ভিডিঅ'টোত।