অসম

assam

By

Published : Jan 1, 2020, 6:54 PM IST

ETV Bharat / sitara

দৈজিঙত বছৰৰ অন্তিমটো দিন

বছৰৰ অন্তিম দিনটোত চিৰাঙৰ দৈজিং উৎসৱত গীত গালে কল্পনা পাটোৱাৰীয়ে । বাগৰুম্বাৰ পৰা আৰম্ভ কৰি বহু গীত গাই মুখৰিত কৰিলে দৈজিঙস্থলী ।

dwijing festival
দৈজিঙত বছৰৰ অন্তিমটো দিন

চিৰাং,1 জানুৱাৰীঃউদুলি মুদুলি দৈজিং ৷ 27 ডিচেম্বৰৰ পৰা চিৰাঙৰ আই নদীৰ পাৰত বাৰদিনীয়াকৈ অনুষ্ঠিত হৈ আছে দৈজিং উৎসৱ ৷ দৈজিঙলৈ আগমন ঘটিছে অসংখ্য দেশী-বিদেশী পৰ্যটকৰ ৷ 31 ডিচেম্বৰৰ নিশা দৈজিং উৎসৱত গীত পৰিৱেশন কৰিলে সংগীতশিল্পী কল্পনা পাটোৱাৰীয়ে ৷ হিম শীতল হাড় কপোৱা ঠাণ্ডাকো নেওচি কল্পনা পাটোৱাৰীয়ে গাই যোৱা এটাৰ পিচত এটা গান উপভোগ কৰিলে হেজাৰ হেজাৰ লোকে ।

দৈজিঙস্থলীত কল্পনা পাটোৱাৰী

মঙলবাৰে নিশা অসম পৰ্যটনৰ অধ্যক্ষ জয়ন্ত মল্ল বৰুৱাই সপৰিয়ালে ভ্ৰমণ কৰে দৈজিঙস্থলী । নাগৰিকত্ব আইন বিৰোধী আন্দোলনৰ পৰা আৰম্ভ কৰি জনজাতীয় উৎসৱ দৈজিং সন্দৰ্ভে বহু কথাই কলে জয়ন্ত মল্ল বৰুৱাই ।

ABOUT THE AUTHOR

...view details