মাজুলী,31 অক্টোবৰঃৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলী সত্ৰ আৰু ৰংঘৰ । বৃন্দাবন গীতৰ তালে তালে কৰিছে নৃত্যৰ আখৰা । শিশু কৃষ্ণৰ জন্ম লীলাৰ লগতে পূৰ্ণ পৰ্যায়ত চলি আছে সম্পূৰ্ণ মহাৰাসৰ আখৰা । সাজু কৰি তোলা হৈছে নতুন চামগুৰি সত্ৰৰ মুখা শিল্প ৷ ৰাসৰ মঞ্চত চমক দিবলৈ প্ৰস্তুতি চলাই আছে নতুন চামগুৰি সত্ৰই ।
ৰাস উদযাপনৰ বাবে সাজু হৈছে মাজুলীবাসী
ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ 56 টা ৰংঘৰ আৰু 12 খন সত্ৰ
বাৰিষা বানে জুৰুলা কৰা পাছত এই শৰৎ কালৰ সময়খিনিত সকলো দুখ বেদনা একাষৰীয়া কৰি মাজুলীৰ মূল উৎসৱভাগ পালনৰ বাবে সকলো উঠি পৰি লাগিছে ৰাইজ । বান - গৰাখহনীয়াই জুৰুলা কৰা শালমৰাৰ উজনি চুপহা কৃষ্টি কেন্দ্ৰত শ্ৰীশ্ৰী কৃষ্ণৰ ৰাসলীলাই এই বছৰ ৰূপালী জয়ন্তী বৰ্ষ উদযাপনৰ বাবে ব্যাপক প্ৰস্তুতি চলাইছে । গাঁৱৰ সকলোৱো অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তুলিবলৈ অহোপুৰুষাৰ্থ কৰিছে । শালমৰা উজনি চুপহাৰ মুকলি ৰাসত মাজুলীৰ বিধায়ক তথা অসমৰ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকিব বুলি জনাইছে ৰাস উদযাপন সমিতিয়ে ।