চিটাৰা ডেস্ক, 1 অক্টোবৰ : কানাড়া টিভি ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় অভিনেত্ৰী সৌজন্যৰ আত্মহত্যা ৷ অভিনেত্ৰীগৰাকীৰ আত্মহত্যাৰ বাতৰিয়ে সকলোকে আশ্বৰ্যচকিত কৰিছে ৷ সৌজন্যৰ মৃতদেহ বেংগালাৰুত তেওঁৰ কোঠাৰ পৰা উদ্ধাৰ কৰা হৈছে ৷ আৰক্ষীৰ প্ৰাথমিক তদন্তত পোহৰলৈ আহিছে যে তেওঁৰ কোঠাটো ভিতৰৰ পৰা বন্ধ হৈ আছিল ৷
আৰক্ষীয়ে কোঠাৰ দুৱাৰ ভাঙি ভিতৰত প্ৰৱেশ কৰাত অভিনেত্ৰী গৰাকীৰ মৃতদেহ চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰে ৷ আৰক্ষীয়ে মৃতদেহৰ কাষত চুইচাইড নোট উদ্ধাৰ কৰিছে ৷ চুইচাইড নোটত অভিনেত্ৰীগৰাকীয়ে নিজৰ মৃত্যুৰ বাবে কানো লোককে দায়ী বুলি কোৱা নাই ৷ আৰক্ষীয়ে ঘটনাৰ সবিশেষ উদ্ধাৰ কৰিবলৈ তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক :হাস্পতালত ভৰ্তি অভিনেত্ৰী শ্বেতা তিৱাৰী