অসম

assam

ETV Bharat / sitara

ৱাশ্বিংটন মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অসম গৌৰৱ আদিল হুছেইনলৈ - Rahgir

বিশ্ব দৰবাৰত জিলিকি উঠিছে এজন অসমীয়া ৷ ৱাশ্বিংটন চাউথ এছিয়ান চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অসম গৌৰৱ আদিল হুছেইনলৈ ৷

adil hussain awarded in washington dc south assian film festival
ৱাশ্বিংটন মহোৎসৱত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অসম গৌৰৱ আদিল হুছেইনলৈ

By

Published : Sep 12, 2021, 7:27 PM IST

গুৱাহাটী, ১২ ছেপ্টেম্বৰ : পুনৰবাৰ বিশ্ব ছবিজগতত জিলিকিল দেশৰ আগশাৰীৰ অভিনেতা তথা অসম গৌৰৱ আদিল হুছেইন । শেহতীয়াকৈ ৱাশ্বিংটনত অনুষ্ঠিত চাউথ এছিয়ান চলচিত্ৰ মহোৎসৱ( washington dc south assian film festival )ত প্ৰদৰ্শিত 'ৰাহগিৰ'( Rahgir ) নামৰ ছবিখনত কৰা দুৰ্দান্ত অভিনয়ৰ বাবে আদিল হুছেইন(Adil Hussain )লৈ আগবঢ়োৱা হৈছে শ্ৰেষ্ঠ পুৰুষ অভিনেতা( best actor male)ৰ সন্মান ।

ৰাহগিৰৰ এটা দৃশ্যত আদিল হুছেইন

যশস্বী পৰিচালক গৌতম ঘোষৰ ছবি "ৰাহগিৰ" নিৰ্মাণ কৰা হৈছিল ২০১৯ চনত । ঝাৰখণ্ডৰ এখন আদিবাসী সমাজত বাস কৰা লোকসকলৰ জীৱন সংগ্ৰামেই হৈছে ৰাহগিৰ ছবিখনৰ মূল বিষয়বস্তু । এই ছবিখনৰ সমগ্ৰ দৃশ্য গ্ৰহণো সম্পূৰ্ণ কৰা হৈছিল ঝাৰখণ্ডতেই । 'ৰাহগিৰ' ছবি খনৰ মূল চৰিত্ৰটোত অভিনয় কৰিছে আদিল হুছেইনে ।

আদিল হুছেইন

২৮ আগষ্টৰ পৰা আৰম্ভ হোৱা ৱাশ্বিংটন ডি চি চাউথ এছিয়ান ফিল্ম ফেষ্টিভেলত দক্ষিণ-পূব এছিয়াৰ কেইবাখনো ছবি প্ৰদৰ্শিত হৈছিল । ইয়াৰ ভিতৰত অন্যতম আছিল "ৰাহগিৰ" । গৌতম ঘোষৰ এই ছবিখনে মহোৎসৱত যথেষ্ট সমাদৰ লাভ কৰাৰ লগতে আদিল হুছেইনলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেতাৰ সন্মান । উল্লেখযোগ্য যে ইতিমধ্যে আন্তঃৰাষ্ট্ৰীয় ছবিৰ ক্ষেত্ৰখনত অসম সন্তান আদিল হুছেইনে নিজৰ এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক :Bigg Boss OTT : শমিতাৰ সৈতে থকা সম্পৰ্কৰ বিষয়ে মুখ খুলিছে ৰাকেশে

ABOUT THE AUTHOR

...view details