অসম

assam

ETV Bharat / sitara

সহশিল্পীৰ প্ৰতি অশোভনীয় মন্তব্য কৰি মহিলা থানাত জুবিন

সোমবাৰে মহানগৰীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত জুবিন গাৰ্গ ৷ সহশিল্পীৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ পাচত জুবিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৰাজ্যিক মহিলা আয়োগে ৷

By

Published : Feb 8, 2021, 10:17 PM IST

zubeen-garg-at-panbazar-women-police-station
মহিলা থানাত জুবিন

গুৱাহাটী,8 ফেব্ৰুৱাৰী: হাৰ্টথ্ৰ’ব জুবিন গাৰ্গৰ বিৰুদ্ধে ৰাজ্যিক মহিলা আয়োগে গোচৰ ৰুজু কৰাৰ পাচত সোমবাৰে মহানগৰীৰ পাণবজাৰ মহিলা আৰক্ষী থানাত উপস্থিত হয় কণ্ঠশিল্পী গৰাকী ৷ উল্লেখ্য যে, ৰাজহুৱাভাৱে সহশিল্পীৰ প্ৰতি অশোভনীয় মন্তব্য কৰাৰ পাচত জুবিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল ৰাজ্যিক মহিলা আয়োগে ৷ 3/21 নম্বৰৰ গোচৰ সন্দৰ্ভত আৰক্ষী আয়ুক্তক তদন্তৰ নিৰ্দেশ দিছিল মহিলা আয়োগে ৷ সেই মৰ্মে তদন্তকালত সোধ-পোচৰ বাবে জুবিন গাৰ্গক মহিলা থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিয়ে আৰক্ষীয়ে ৷

মহিলা থানাত জুবিন

ABOUT THE AUTHOR

...view details