চিটাৰা ডেস্ক, ৩১ জুলাই: ৰোমাণ্টিক থ্ৰিলাৰ ছবি 'ফ্ৰেডী'ৰ মুখ্য চৰিত্ৰৰ বাবে চুক্তিবদ্ধ কৰা হৈছে বলীউড অভিনেতা কাৰ্তিক আৰিয়নক । ছবিখন পৰিচালনা কৰিব শশাংক ঘোষে(Shashanka Ghosh) । একতা কাপুৰৰ বালাজী টেলি ফিল্মছ(Balaji Tele films) আৰু জয় শেৱাক্ৰামানীৰ নদাৰ্ণ লাইটছ ফিল্মছে(Northern Lights Films) ছবিখন যুটীয়াভাৱে প্ৰযোজনা কৰিব । ছবিখনৰ সন্দৰ্ভত ৩০ বছৰীয়া আৰিয়নে কয় যে, এজন অভিনেতা হিচাপে তেওঁ বিভিন্ন ধৰণৰ চৰিত্ৰ ৰূপায়ণ কৰিব বিচাৰে আৰু 'ফ্ৰেডী'য়ে তেওঁক এই সুযোগ প্ৰদান কৰিছে ।
আৰিয়নে কয় যে, তেওঁ পূৰ্বে নকৰা চৰিত্ৰ ৰূপায়ণ কৰিব । এই ছবিখন ৰোমাঞ্চকৰ হোৱাৰ লগতে যথেষ্ট আকৰ্ষণীয় হ'ব বুলিও মন্তব্য কৰে । কাৰ্তিকে জনোৱা মতে 'ফ্ৰেডী'ত অভিনয় কৰিবলৈ আৰু এই ৰোমাণ্টিক থ্ৰিলাৰ ছবিখনৰ চৰিত্ৰক জীৱন্ত ৰূপ দিবলৈ অপেক্ষা কৰি আছে । 'ফ্ৰেডী'ৰ জৰিয়তে একতা কাপুৰ, শ্বেৱাক্ৰামানী আৰু শশাংক ঘোষৰ সৈতে 'লুকা চুপ্পী' ছবিৰ অভিনেতাগৰাকীয়ে প্ৰথমবাৰৰ বাবে কাম কৰিব ।
এই সন্দৰ্ভত একতা কাপুৰে কয় যে, তেওঁ ছবিখনৰ কাম আৰম্ভ কৰিবলৈ উৎসাহিত হৈ আছে । দেওবাৰৰ পৰা ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ হ'ব । একতা কাপুৰে কয় যে, কাৰ্তিকৰ সৈতে কাম কৰিবলৈ পাই তেওঁ আনন্দিত হৈছে ।