চিটাৰা ডেস্ক,24 অক্টোবৰঃআজি মুক্তি পালে কামাণ্ডো-3 ৰ ট্ৰেইলাৰ ৷ অতি শীঘ্ৰেই মুক্তি পাব এক অসাধাৰণ একচন থ্ৰিলাৰ 'কামাণ্ডো'ৰ তৃতীয়টো সংস্কৰণ ৷

আহি আছে কামাণ্ডো -3
ৰিলায়েঞ্চ এন্টাৰটেইনমেন্ট আৰু মৌচন পিকচাৰ কেপিটেলৰ বেনাৰত নিৰ্মিত এই ছবিখন নিৰ্দেশনা কৰিছে আদিত্য দত্তে আৰু পৰিচালনা কৰিছে বিপুল অম্ৰুতলাল সাহে ৷ ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছে বিদ্যুত জামালে ৷ তেওঁৰ লগতে অভিনয় কৰিছে গুলচন দেভিয়া ,আদাহ শৰ্মা আৰু অংগিৰা ধাৰে ৷ অহা 29 নৱেম্বৰত মুক্তি পাব দৰ্শকৰ বহু প্ৰত্যাশিত এই একচন থ্ৰিলাৰ ছবিখন ৷