অসম

assam

ETV Bharat / sitara

কাবিলৰ পিছত নিজৰ অভিনয়ৰে আকৌ জিলিকিছে ঋত্বিক ৰোশন

বহু প্ৰত্যাশিত ছবিখনৰ ট্ৰেইলাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷ অভিনেতাজনে তেওঁৰ টুইটাৰ একাউণ্টৰ জড়িয়তে এই কথা ঘোষণা কৰে ৷ ছবিখনত অভিনেতাজনক এগৰাকী অংক শিক্ষকৰ ৰূপত দেখা যাব ৷

By

Published : Jun 5, 2019, 2:48 PM IST

কাবিলৰ পিছত নিজৰ অভিনয়ৰে আকৌ জিলিকিছে ঋত্বিক ৰৌচন

নিউজ ডেস্ক,5 জুন: বলিউডৰ পাৱাৰহাউচ অভিনেতা ঋত্বিক ৰোশনৰ শেহতীয়া ছবি ‘ছুপাৰ30’ৰ মঙলবাৰে ট্ৰেইলাৰ মুকলি কৰা হয় ৷ 2017ত কাবিল ছবিখনত শেষবাৰৰ বাবে দেখা গৈছিল অভিনেতা জনক ৷ বহু প্ৰত্যাশিত ছবিখনৰ ট্ৰেইলাৰে ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হোৱা পৰিলক্ষিত হৈছে ৷ অভিনেতাজনে তেওঁৰ টুইটাৰ একাউণ্টৰ জৰিয়তে এই কথা ঘোষণা কৰে ৷ ছবিখনত অভিনেতাজনক এগৰাকী অংক শিক্ষকৰ ৰূপত দেখা যাব ৷ ছবিখন ভাৰতৰ গণিতজ্ঞ আনন্দ কুমাৰৰ ওপৰত আধাৰিত ৷ ছবিখনে আনন্দ কুমাৰে কেনেদৰে এখন কোচিং চেণ্টাৰত ধনাঢ্য ব্যক্তিসকলৰ সন্তানক অংকৰ পাঠদান কৰিছিল আৰু পৰৱৰ্তী সময়ত তেওঁ কেনেদৰে সমাজৰ আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ লোকসকলৰ প্ৰতিভাৱান ল’ৰা ছোৱালীসকলক লগত লৈ এক জয় যাত্ৰাৰ সৃষ্টি কৰিছিল তাৰ কথা দেখুওৱা হৈছে ৷

কাবিলৰ পিছত নিজৰ অভিনয়ৰে আকৌ জিলিকিছে ঋত্বিক ৰৌচন

লগতে পঢ়ক: গাড়ী চোৰৰ অভিনৱ কৌশল,চাবি নোহোৱাকৈয়ে চুৰি কৰিলে গাড়ী

ছবিখন প্ৰযোজনা কৰিছে ৰিলায়েঞ্চ এণ্টাৰটেইনমেন্ট আৰু ফেন্টম ফিল্মচে ৷ ছবিখনত ঋত্বিক ৰোশনৰ লগতে অভিনয় কৰিছে ম্ৰোনাল ঠাকুৰ,অমিত সাধ আৰু নন্দিশ সান্দুৱে ৷ বিকাশ বেহেলৰ দ্বাৰা নিৰ্দেশনা কৰা ছবিখন 12 জুলাইত মুক্তি লাভ কৰিব ৷

ABOUT THE AUTHOR

...view details