টিংখাং, ৩০ ডিচেম্বৰ: টিংখাং চাহ বাগিচাৰ শ্ৰমিকৰ উন্নয়নৰ এক বাস্তৱ প্ৰতিচ্ছবি দাঙি ধৰাৰ উদ্দেশ্যে নিৰ্মাণ কৰা হ'ব 'হামদেৰ চৰকাৰ' ।
টিংখাঙত 'হামদেৰ চৰকাৰ' ছবিৰ শুভ মহুৰত সম্পন্ন টিংখাং সমষ্টিৰ বিধায়ক বিমল বড়াৰ সহযোগত ভাৰতীয় জনতা পাৰ্টীৰ টিংখাং সমষ্টিৰ চাহ জনগোষ্ঠী মৰ্চাৰ সৌজন্যত শিৱশক্তি ফিল্মছ আৰু টেলিভিছনৰ বেনাৰত নিৰ্মাণ হ'বলগীয়া তথ্যভিত্তিক ছবি 'হামদেৰ চৰকাৰ'ৰ শুভ মহুৰত সম্পন্ন হয় ।
টিংখাঙত 'হামদেৰ চৰকাৰ' ছবিৰ শুভ মহুৰত সম্পন্ন অনুষ্ঠানটিত উপস্থিত থাকি ভাৰতীয় জনতা পাৰ্টীৰ মিডিয়া কোষৰ ৰাজ্যিক সদস্য বিষ্ণু কোচ, বিজেপিৰ অসম প্ৰদেশৰ চাহ জনগোষ্ঠী মৰ্চাৰ উপ-সভাপতি দীপক তাঁতী, চাহ জনগোষ্ঠী মৰ্চাৰ ডিব্ৰুগড় জিলাৰ উপ-সভাপতি নাৰায়ন তেলীয়ে ছবিখনৰ শুভ মহুৰত সম্পন্ন কৰে ।
টিংখাঙত 'হামদেৰ চৰকাৰ' ছবিৰ শুভ মহুৰত সম্পন্ন উক্ত অনুষ্ঠানত বিজেপিৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থকাৰ লগতে ছবিখনৰ পৰিচালক শিউ প্ৰসাদ ৰয়, সহ পৰিচালক শশী কুৰ্মী তথা সকলো কলা-কুশলী আৰু স্থানীয় বহুকেইজন সচেতন ব্যক্তি উপস্থিত থাকে ।
লগতে পঢ়ক:আহি আছে পৱন কল্যাণৰ নতুন ছবি 'ভাকিল ছাব'