নিউজ ডেস্ক, ২৩ মাৰ্চঃসত্যজিত ৰায়ৰ দৰে এগৰাকী প্ৰখ্যাত চিত্ৰ নিৰ্মাতাৰ বাবে অস্কাৰ লাভ কৰাটো জীৱনযোৰা সাধনাতকৈ কম নহয় । চিত্ৰ নিৰ্মাতাগৰাকীয়ে নিজে প্ৰকাশ কৰা অনুসৰি,অস্কাৰ লাভ কৰাটো তেওঁৰ জীৱনৰ এটা ক্লাইমেক্স আছিল ।
কেটেৰেক্ট আৰু দীৰ্ঘদিনীয়া হৃদৰোগৰ পৰা ক্ৰমে সুস্থ হৈ উঠাৰ সময়তে তেওঁৰ বাবে আহিছিল এই সোণালী বাৰ্তা । বিশ্বপ লেফৰয় ৰোডস্থিত চিত্ৰ নিৰ্মাতাগৰাকীৰ বাসগৃহৰ সন্মুখত তেতিয়া মানুহেই মানুহ ঠাহ খাই পৰিছিল ।
এই বঁটা লাভ কৰা সময়তে ৰায়ে নিজৰ জীৱনৰ ৩১সংখ্যক কথাছবিখন নিৰ্মাণ কৰি আছিল,তেওঁৰ অনুভৱ জানিব বিচৰাত এয়া তেওঁৰ কেৰিয়াৰৰ এটা ক্লাইমেক্স বুলি মন্তব্য কৰিছিল ।
১৯৯২ চনৰ এক আলোচনাত ৰায়ে কৈছিল, হয়,"মই এনেকুৱা এটা অৱস্থাত উপনীত হৈছো য'ত বঁটাবোৰ মোৰ বাবে কম যেনেই লাগে । কিন্তু মই এইটো ভবাই নাছিলো । এয়া মোৰ কেৰিয়াৰৰ ক্লাইমেক্স হিচাপে আহিছে । কাৰণ এগৰাকী চিত্ৰ নিৰ্মাতাৰ বাবে অস্কাৰ হৈছে নবেল পুৰস্কাৰ । আপুনি জানে,মই বহুত সুখী হৈছো। ইয়াৰ পিচত আৰু একো থাকিব নোৱাৰে । মই ইয়াতকৈ সন্মানীয় আৰু কিবা পাম বুলি আশা কৰিব নোৱাৰো।"