অসম

assam

ETV Bharat / sitara

ৱেব চিৰিজ 'দ্য ছাইলেণ্ট কিলাৰ'ৰ ষষ্ঠ খণ্ড মুকলি - web series

মুক্তি পালে ৰঙিয়াৰ পৰিচালক তথা অভিনেতা পংকজ পল্লৱ শৰ্মাই নিৰ্মাণ কৰা ৱেব চিৰিজ 'দ্য ছাইলেণ্ট কিলাৰ'(The Silent Killer)ৰ ষষ্ঠ খণ্ড । ড্ৰাগছ সেৱনৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সমাজত এক ইতিবাচক বাৰ্তা বিলোৱাৰ উদ্দেশ্যে এই ৱেব ছিৰিজ নিৰ্মাণ কৰা হৈছে ।

The silent killer web series released
ৱেব চিৰিজ 'দ্য ছাইলেণ্ট কিলাৰ'ৰ ষষ্ঠ খণ্ড মুকলি

By

Published : Jun 8, 2021, 11:06 AM IST

চিটাৰা ডেস্ক,৮ জুন: ৰাজ্যত আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰখাৰ সমান্তৰালকৈ শিল্পীসকলেও নিজাববীয়াকৈ ড্ৰাগছ সেৱনৰ ভয়াৱহতা সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে প্ৰয়াস কৰিছে । সোমবাৰে ৰঙিয়াত মুক্তি পালে পৰিচালক তথা অভিনেতা পংকজ পল্লৱ শৰ্মাই পৰিচালনা কৰা ৱেব চিৰিজ 'দ্য ছাইলেণ্ট কিলাৰ'(The Silent Killer)ৰ ষষ্ঠ খণ্ড ।

ৱেব চিৰিজ 'দ্য ছাইলেণ্ট কিলাৰ'ৰ ষষ্ঠ খণ্ড মুকলি

সংগীত স্কুল অৱ ড্ৰামাৰ বেনাৰত এই বেৱ ছিৰিজ নিৰ্মাণ কৰা হৈছে । সোমবাৰে মধ্য পাণ্ডুৰীৰ বটাকুছি চ'কত এক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই অনুষ্ঠানতে 'দ্য ছাইলেণ্ট কিলাৰ'ৰ ষষ্ঠ খণ্ডটি মুকলি কৰে বিশিষ্ট শিক্ষাবিদ বিনোদ কলিতাই । 'দ্য ছাইলেণ্ট কিলাৰ'(The Silent Killer)ৰ প্ৰযোজনা কৰিছে নিপন ভূঞাই । এই ষষ্ঠ খণ্ডটি মুকলি কৰি বিনোদ কলিতাই ড্ৰাগছৰ বিৰুদ্ধে লোৱা এনে প্ৰচেষ্টাৰ শলাগ লৈ ড্ৰাগছৰ বিভীষিকাৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ সকলোকে আহ্বান জনায় ।

পৰিচালক পংকজ পল্লৱ শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত শিক্ষাবিদ গিৰিজানন্দ ভট্ট, সমাজসেৱক কাৰ্তিক ডেকা, দীপক কলিতা, সাংস্কৃতিক কৰ্মী ধ্ৰুৱজ্যোতি কলিতা উপস্থিত থাক । উল্লেখ্য যে, 'দ্য ছাইলেণ্ট কিলাৰ' নামৰ ৱেব চিৰিজখনৰ জৰিয়তে ড্ৰাগছৰ বিৰুদ্ধে সাংস্কৃতিক প্ৰতিবাদ কৰা হৈছে ।

লগতে পঢ়ক: শেহতীয়াকৈ সাংবাদিকৰ কেমেৰাত বন্দী বলীউড তাৰকা...

ABOUT THE AUTHOR

...view details