অসম

assam

By

Published : Dec 7, 2020, 11:51 AM IST

ETV Bharat / sitara

বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে

তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব ৷ দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অভিনেত্ৰীগৰাকীয়ে ৷

Telugu actress Vijaya Shanti meets Amit Shah, set to join BJP
বিজেপিত আনুষ্ঠানিকভাৱে যোগদান কৰিব তেলেগু অভিনেত্ৰী বিজয়াশান্তিয়ে

চিটাৰা ডেস্ক,7 ডিচেম্বৰ : সোমবাৰে আনুষ্ঠানিকভাৱে বিজেপি দলত যোগদান কৰিব তেলেগু অভিনেত্ৰী বিজয়া শান্তিয়ে ৷ দেওবাৰে দলীয় নেতা জি বিবেক ভেংকটস্বামীয়ে এই কথা সদৰি কৰে ৷ ইফালে দেওবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে অভিনেত্ৰী বিজয়া শান্তিয়ে ৷

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ উপস্থিতিত দলত অভিনেত্ৰী গৰাকীয়ে দলত যোগদান কৰিব ৷ অভিনেত্ৰী বিজয়া শান্তিয়ে তেলেংগানাত যথেষ্ট কাম কৰিছে যদিও মুখ্যমন্ত্ৰী চন্দ্ৰশেখৰ ৰাওৱে তেওঁক একাষৰীয়া কৰা বুলি জি বিবেক ভেংকটস্বামীয়ে উল্লেখ কৰে ৷

লগতে তেওঁ কয় যে, আগন্তুক নিৰ্বাচনত তেলেংগানাত বিজেপিয়ে বিজয় সাব্যস্ত কৰিব আৰু বিজয়া শান্তিয়ে দলটোৰ আগভাগ ল’ব ৷

উল্লেখ্য যে, বিজয়া শান্তিয়ে বিজেপিৰ সৈতে প্ৰথমে ৰাজনীতিত যোগদান কৰিছিল ৷ ইয়াৰ পাচত তেওঁ তেলেংগানা ৰাষ্ট্ৰ সমিতি (টিআৰএছ)ত যোগদান কৰে ৷ 2014 চনত তেলেংগানা গঠনৰ পূৰ্বে তেওঁ কংগ্ৰেছ দলত যোগ দিয়ে ৷

লগতে পঢ়ক :কণ্ঠশিল্পী তাৰা শইকীয়াৰ ‘আঘোণৰ শুৱনি সোনালী ধাননি’ শীৰ্ষক গীত মুকলি

ABOUT THE AUTHOR

...view details