চিটাৰা ডেস্ক , ১৯ জানুৱাৰী : অৱশেষত ক্ষমা বিছাৰিলে শেহতীয়াকৈ মুক্তিলাভ কৰা ‘তাণ্ডৱ’ ৱেব চিৰিজৰ পৰিচালক আলী আব্বাছ জাফৰে । ৱেব চিৰিজটোৰ প্ৰতিগৰাকী শিল্পী তথা কলা-কুশলীৰ হৈ টুইটাৰযোগে ক্ষমা বিছাৰিলে পৰিচালক আলী আব্বাছ জাফৰে । কোনো ধৰ্ম অথবা ৰাজনৈতিক দলৰ মৰ্যাদাক আঘাট বা অপমান কৰাৰ উদ্দেশ্য় নাছিল বুলিও টুইটযোগে প্ৰকাশ কৰে পৰিচালক গৰাকীয়ে । পৰিচালক গৰাকীয়ে সমগ্ৰ বিষয়ত পৰ্যবেক্ষণ কৰাৰ উপৰিও চিৰিজটোৰ সমগ্ৰ ঘটনা কাল্পনিক বুলিও মন্তব্য় কৰে ।
ক্ষমা প্ৰাৰ্থনা ‘তাণ্ডৱ’ৰ পৰিচালক আলী আব্বাছ জাফৰৰ - 'unconditional' apology
‘তাণ্ডৱ’ ৱেব চিৰিজৰ বিতৰ্ক অব্য়াহত থকাৰ মাজতে ক্ষমা প্ৰাৰ্থনা পৰিচালক আলী আব্বাছ জাফৰৰ । টুইটযোগে ক্ষমা বিছাৰিলে ‘তাণ্ডৱ’ ৱেব চিৰিজৰ পৰিচালক আলী আব্বাছ জাফৰে ।
ক্ষমা প্ৰাৰ্থনা ‘তাণ্ডৱ’ৰ পৰিচালক আলী আব্বাছ জাফৰৰ
উল্লেখ যে আমাজন প্ৰাইম ভিডিঅ’ত শেহতীয়াকৈ মুক্তিলাভ কৰিছে ‘তাণ্ডৱ’ ৱেব চিৰিজ । কিন্তু মুক্তিৰ পিছতে বিতৰ্কত সোমাই পৰিছিল এই চিৰিজটো । ৱেব চিৰিজটোৰ নিৰ্মাতা আলী আব্বাছ জাফৰৰ বিৰুদ্ধে হিন্দু ধৰ্মীয় অনুভূতিক অপমান কৰাৰ অভিযোগেৰে এজাহাৰ দাখিল কৰা হৈছিল । আৰক্ষীয়েও এই এজাহাৰৰ বাবে তদন্ত আৰম্ভ কৰিছে ।
লগতে পঢ়ক :‘তাণ্ডৱ’ বিতৰ্ক : তদন্তৰ বাবে মুম্বাইত উপস্থিত উত্তৰ প্ৰদেশ আৰক্ষী