অসম

assam

কান লায়ন্স চিলভাৰ বঁটা বিজয়ীৰ তালিকাত তাপসী পান্নুৰ 'থাপ্পাড়'

By

Published : Jun 24, 2021, 5:02 PM IST

বিশ্বৰ সৰ্বাধিক ৰিপ'ৰ্টেড ট্ৰেইলাৰৰ খিতাপ অৰ্জন খাপ্পাড়ৰ । 'দ্য ৱৰ্ল্ডছ মোষ্ট ৰিপ'ৰ্টেড ট্ৰেইলাৰ'ৰ বাবে ৰূপৰ পদক লাভ কৰিছে ছবিখনে । কান লায়ন্স বিজয়ীৰ তালিকাত স্থান লাভ কৰিছে ছবিখনে ।

Cannes Lions Silver
কান লায়ন্স চিলভাৰ বঁটা বিজয়ীৰ তালিকাত তাপসী পান্নুৰ থাপ্পাড়

চিটাৰা ডেস্ক, ২৪ জুন :বলীউডৰ অভিনেত্ৰী তাপসী পান্নুৰ ছবি 'থাপ্পাড়' ৰে লাভ কৰিছে বিশেষ সন্মান । 'দ্য ৱৰ্ল্ডছ মোষ্ট ৰিপ'ৰ্টেড ট্ৰেইলাৰ'ৰ বাবে ৰূপৰ পদক লাভ কৰিছে ছবিখনে । ইয়াৰ লগে লগে কান লায়ন্স বিজয়ীৰ তালিকাত স্থান লাভ কৰিছে ছবিখনে । চলচ্চিত্ৰখনৰ পৰিচালক অনুভব সিনহাই তেওঁৰ ইনষ্টাগ্ৰামৰ জৰিয়তে এই কথা শ্বেয়াৰ কৰে ।

বুধবাৰে ডিজিটেলভাৱে মুকলি কৰা ফলাফলৰ এটা চমু ভিডিঅ' পোষ্ট কৰি বাতৰিটো শ্বেয়াৰ কৰে পৰিচালকগৰাকীয়ে । ছবিখনৰ মুক্তিৰ প্ৰায় ১ বছৰ পিছতে এই সন্মানৰ বাবে আনন্দিত হৈ পৰে পৰিচালকগৰাকী । ছবিখনৰ অভিনেতা অভিনেত্ৰীসহ কলা-কুশলীৰ দলটোক শুভেচ্ছা জ্ঞাপন কৰে পৰিচালকগৰাকীয়ে । লগতে তেওঁ ইনষ্টাগ্ৰাম পোষ্টটোত উল্লেখ কৰে যে ছবিখনৰ জন্মদিনৰ এয়া এক উপহাৰ ।

ইউ টিউব আৰু চলচ্চিত্ৰখনৰ অন্যান্য অফিচিয়েল ছ'চিয়েল মিডিয়া ছাইটত প্ৰদৰ্শিত প্ৰচাৰ অভিযানত চিনেমাখনৰ দৃশ্য অন্তৰ্ভুক্ত কৰা হৈছিল ৷ য'ত পুৰুষ মুখ্য চৰিত্ৰত অভিনয় কৰা লাভেড গুলাটিয়ে অতিথিসকলৰ সন্মুখত এটা পাৰ্টিৰ সময়ত তেওঁৰ পত্নী অৰ্থাৎ তাপসী পান্নুক চৰ মাৰিছিল । ইয়াক ডেণ্টচু ৱেবচাটনিয়ে (Dentsu Webchutney) প্ৰচাৰ কৰিছিল আৰু ট্ৰিগাৰ হেপ্পী এণ্টাৰটেইনমেণ্ট প্ৰাইভেট লিমিটেডৰ (Trigger Happy Entertainment Pvt Ltd) দ্বাৰা প্ৰযোজনা কৰা হৈছিল ।

এইটো আচলতে ছবিখনৰ দ্বিতীয় ট্ৰেইলাৰৰ এটা অংশ আছিল যাৰ উদ্দেশ্য আছিল ঘৰুৱা হিংসাৰ বিষয়ে সজাগতা সৃষ্টি কৰা, যাৰ ওপৰত কাহিনীটোৰ গোটেই প্লটটো আধাৰিত আছিল ।

অফিচিয়েল ২০২১ কান লায়ন্স ইণ্টাৰনেশ্যনেল ফেষ্টিভেল অফ ক্ৰিয়েটিভিটি ৱেবছাইট (Cannes Lions International Festival of Creativity website) অনুসৰি ট্ৰেইলাৰটো ইউটিউবে লোৱাৰ ২৬ ঘণ্টাৰ ভিতৰত ৪,০০,০০০ বাৰ প্ৰতিবেদিত অৰ্থাৎ ৰিপ'ৰ্ট কৰা হৈছিল । এক সম্পৰ্কিত টোকাত উল্লেখ থকা মতে উৎসৱৰ তৃতীয় দিনটোত ভাৰতে ২১ টা সংক্ষিপ্ত তালিকা লাভ কৰে ৷ যাৰ দ্বাৰা বছৰটোৰ বাবে ইয়াৰ সংক্ষিপ্ত তালিকাৰ সংখ্যা ৭৭ হয় ।

ব্লকবাষ্টাৰ চলচ্চিত্ৰ 'থাপ্পাড়'ৰ বাবে তাপসী পান্নুৱে 'শ্ৰেষ্ঠ অভিনেত্ৰী'ৰ সন্মানসহ কেইবাটাও বঁটা লাভ কৰিছে ৷ যিহেতু সমালোচনামূলক আৰু বাণিজ্যিক দুয়োটা ক্ষেত্ৰতে ছবিখনে সফলতা লাভ কৰিছে । অনুভৱ সিনহাৰ দ্বাৰা পৰিচালিত এই চলচ্চিত্ৰখনত তাপসীক মুখ্য চৰিত্ৰত দেখুওৱা হৈছিল ৷ যিয়ে প্ৰেম আৰু সম্পৰ্কৰ নামত ঘৰুৱা হিংসা সহ্য কৰিবলৈ অস্বীকাৰ কৰিছিল আৰু পেভেলে তেওঁৰ স্বামীৰ চৰিত্ৰত অভিনয় কৰিছিল ।

লগতে পঢ়ক:বুডাপেষ্টৰ পৰা প্ৰেমিকা-পুত্ৰৰ সৈতে অৰ্জুন ৰামপালৰ ফটো শ্বেয়াৰ

ABOUT THE AUTHOR

...view details