নিউজ ডেস্ক, 24 জুলাই : ঋত্বিক ৰোচন অভিনীত ছবি ছুপাৰ 30 ক বুধবাৰে কৰ মুক্ত ঘোষণা কৰে দিল্লী চৰকাৰে ৷ ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী মনীষ শিশোদিয়াই বুধবাৰে টুইটাৰযোগে কয় যে দিল্লী চৰকাৰে ছুপাৰ 30 ছবিখন কৰ মুক্ত কৰিছে যাতে ছবিখনে দিল্লীৰ ছাত্ৰ আৰু শিক্ষকসকলক প্ৰেৰণা যোগাব পাৰে ৷
দিল্লীত কৰ মুক্ত ঘোষণা ছুপাৰ 30
বিহাৰ, ৰাজস্থান আৰু উত্তৰ প্ৰদেশৰ পাছত এইবাৰ দিল্লীত কৰ মুক্ত ঘোষণা ছুপাৰ 30
দিল্লীত কৰ মুক্ত ঘোষণা ছুপাৰ 30
দিল্লীৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে, আনন্দ কুমাৰে প্ৰত্যেক মাহে দিল্লীৰ চৰকাৰী বিদ্যালয়সমূহত এটা বিশেষ ক্লাছ ল'ব ৷ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীক অনলাইনযোগে এই পাঠদান কৰিব ৷
ঋত্বিক ৰোচন অভিনীত ছবি ছুপাৰ 30য়ে 12 জুলাইত মুক্তিলাভ কৰাৰ পাছৰে পৰা দৰ্শকৰ বিপুল সমাদৰ বুটলিবলৈ সক্ষম হৈছে ৷ বিহাৰৰ গণিতজ্ঞ আনন্দ কুমাৰৰ জীৱনভিত্তিত নিৰ্মাণ কৰা হৈছে ছবিখন ৷
Last Updated : Jul 25, 2019, 12:10 PM IST