অসম

assam

ETV Bharat / sitara

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত: ১২ ঘণ্টাৰো অধিক সময় জেৰা সিদ্ধাৰ্থ পৃথানীক

সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ তদন্ত আৰম্ভ কৰাৰ ষষ্ঠ দিনাও সিদ্ধাৰ্থ পৃথানীক জেৰা CBIৰ । পিথানিৰ উপৰিও ৱাটাৰষ্ট'ন ৰিজ'ৰ্টৰ কৰ্মচাৰী, সুশান্তৰ ৰান্ধনি নীৰজ সিঙকো জেৰা চলায় CBIৰ বিশেষ তদন্তকাৰী দলে ।

সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত: ১২ঘণ্টাৰো অধিক সময় জেৰা সিদ্ধাৰ্থ পিথানীক
সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্ত: ১২ঘণ্টাৰো অধিক সময় জেৰা সিদ্ধাৰ্থ পিথানীক

By

Published : Aug 27, 2020, 2:13 PM IST

ছিটাৰা, ২৭আগষ্ট :প্ৰয়াত অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ ঘটনা সন্দৰ্ভত সিদ্ধাৰ্থ পৃথানীক পুনৰ ১২ ঘণ্টাৰো অধিক সময় জেৰা CBIৰ । ছাণ্টাক্ৰুজস্থিত DRDOৰ অতিথিশালাত বুধবাৰে পুৱা ১০বজাত উপস্থিত হৈছিল পৃথানি । নিশা প্ৰায় ১১ বজাত জেৰা অন্ত পৰে । পৃথানিৰ উপৰিও সুশান্তে প্ৰায় দুমাহ সময় অতিবাহিত কৰা ৱাটাৰষ্ট'ন ৰিজ'ৰ্টৰ কৰ্মচাৰীকো সোধ-পোচ কৰে । বিশেষ সূত্ৰই জনোৱা মতে, পৃথানিয়ে CBIৰ জেৰাত স্বীকাৰ কৰিছে যে, যোৱা ৮ জুনত ৰিয়া চক্ৰৱৰ্তীয়ে সুশান্তৰ বাসগৃহ এৰি যোৱাৰ সময়ত ৮ খন হাৰ্ড দ্ৰাইভ নষ্ট কৰিছিল ।

উল্লেখ্য যে, সুশান্তৰ মৃত্যুৰ ঘটনা পোহৰলৈ অহাৰ সময়ত সুশান্তৰ ৰান্ধনি নীৰজ সিং, ব্যক্তিগত সহায়ক দীপেশ শ্বাৱন্ত আৰু সুৰজ পৃথানী বান্দ্ৰাস্থিত বাসগৃহত উপস্থিত আছিল । শুক্ৰবাৰে পৃথানি আৰু ৰান্ধনি নীৰজ সিঙৰ জবানবন্দি লৈছিল CBIয়ে । বুধবাৰে DRDOৰ অতিথিশালাত বান্দ্ৰা আৰক্ষীৰ এটা দলো এঘণ্টাৰ বাবে উপস্থিত হয় । আনহাতে CBIৰ এটা বিশেষ তদন্তকাৰী দলে বুধবাৰে কোপাৰ হাস্পতাললৈ যায়, য'ত অভিনেতাজনৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল ।

লগতে পঢ়ক :বিক্ৰান্ত মেছি আৰু শ্বেতা ত্ৰিপাঠী অভিনীত কাৰ্গোৰ মুক্তি সন্দৰ্ভত...

ABOUT THE AUTHOR

...view details