অসম

assam

ETV Bharat / sitara

শ্ৰীনগৰত স্থাপন হ'ব প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহ

কাশ্মীৰবাসীয়ে সুদীৰ্ঘ 30 বছৰৰ পিছত লাভ কৰিব মাল্টিপ্লেক্স ছবিগৃহ ৷ ৰীগল, পেলেডিয়ম, খায়াম, ফিৰডৌচ, শাহ চিনেমা, নীলম শিৰাজ, খায়াম আৰু ব্ৰডৱেৰ দৰে ছবিগৃহ বন্ধ হৈ পৰিছিল 1990 দশকত ৷ ছবি গৃহ বন্ধ হোৱাৰ বহু বছৰৰ পিছত কাশ্মীৰৰ শ্ৰীনগৰত এইবাৰ স্থাপন হ'ব মাল্টিপ্লেক্স ছবিগৃহ ৷

Srinagar likely to get its first multiplex cinema theatre
শ্ৰীনগৰত স্থাপন হ'ব প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহ

By

Published : Jun 23, 2020, 4:02 PM IST

চিটাৰা ডেস্ক,23জুনঃ শ্ৰীনগৰবাসীয়ে লাভ কৰিব প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহ ৷ শেহতীয়াকৈ মাল্টিপ্লেক্স ছবিগৃহ নিৰ্মাণৰ অনুমতি লাভ কৰিলে শ্ৰীনগৰবাসীয়ে ৷

শ্ৰীনগৰত স্থাপন হ'ব প্ৰথমটো মাল্টিপ্লেক্স ছবিগৃহ

চহৰখনৰ বাডামী বাগ ছাৱনী অঞ্চলত থকা ব্ৰডৱে থিয়েটাৰৰ মালিক তথা ব্যৱসায়ী বিজয় ধাৰে জনাই যে, পুৰণি ব্ৰডৱেৰ ঠাইতে নিৰ্মাণ হ'ব মাল্টিপ্লেক্স ছবিগৃহটো ৷

বিজয় ধাৰে কয়,"মাল্টিপ্লেক্সৰ নিৰ্মাণ বৰ্তমান কেৱল দুখন পৰ্দা আৰু অন্য আৱশ্যকীয় সামগ্ৰীৰ দ্বাৰা সম্পূৰ্ণ হৈছে ৷ 2023 চনৰ মাৰ্চ মাহৰ পৰা এই মাল্টিপ্লেক্স জনসাধাৰণৰ বাবে মুকলি হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে ৷ "

তেওঁ লগতে কয়, " আমাৰ উদ্দেশ্য কাশ্মীৰৰ ল'ৰা-ছোৱালীয়েও লাভ কৰক এই সুবিধা যি জম্মুৰ ল'ৰা-ছোৱালীয়ে লাভ কৰি আছে ৷ জম্মুৰ ল'ৰা-ছোৱালীয়ে যদি ছবিগৃহত গৈ ছবি উপভোগ কৰিব পাৰে, তেতিয়াহ'লে ইয়াত কিয় নোৱাৰে ?"

উল্লেখ্য যে, 1990 দশকৰ প্ৰথমফালে কাশ্মীৰত বিচ্ছিন্নতাবাদী হিংসা আৰম্ভ হৈছিল ৷ তেতিয়া উগ্ৰপন্থী সংগঠনৰ প্ৰভাৱত বন্ধ হৈ পৰিছিল মুখ্য চহৰসমূহত থকা সকলোবোৰ ছবিগৃহ ৷ বন্ধ হৈ পৰিছিল ৰীগল, পেলেডিয়ম,খায়াম, ফিৰডৌচ, শাহ চিনেমা,নীলম শিৰাজ,খায়াম আৰু ব্ৰডৱেৰ দৰে ছবিগৃহসমূহ ৷

লগতে পঢ়কঃপুৰীত আৰম্ভ হ'ল জগন্নাথ ৰথযাত্ৰা

ABOUT THE AUTHOR

...view details