চিটাৰা ডেস্ক, ৪ জুলাই :কৰ'ণা মহামাৰীয়ে সমগ্ৰ দেশকে একপ্ৰকাৰ জুৰুলা কৰাৰ সময়তে এগৰাকী ব্যক্তিক পৃথক ৰূপ দেখা গৈছে । কিছুমান লোকৰ বাবে তেওঁ ঈশ্বৰতকৈও কম নহয় । হয় সেইগৰাকী হৈছে বলীউডৰ জনপ্ৰিয় অভিনেতা চনু চুড ।
বহিঃৰাজ্যত আবদ্ধ লোকক নিজৰ ঘৰলৈ পঠিওৱাৰ পৰা আৰম্ভ কৰি আৰ্তজনক সহায় কৰা প্ৰথম লকডাউনৰ সময়চোৱাত সকলোৱে প্ৰত্যক্ষ কৰিছিল অভিনেতা গৰাকী মহানুভৱতা । একপ্ৰকাৰ তেওঁ বলীউডৰ নহয় ৰিয়েল হিৰ' হিচাপে সকলোৰে মাজত চৰ্চা লাভ কৰিছিল । বৰ্তমানেও তেওঁ অব্যাহত ৰাখিছে ৰাইজক সহায় কৰা প্ৰচেষ্টা । কৰ'ণাৰ দ্বিতীয় ঢৌৰ আৰম্ভণিৰ লগে লগে ভাৰতে সন্মুখীন হোৱা অক্সিজেন নাটনিৰ সময়তো তেওঁ বহুতকে সহায়ৰ হাত আগবঢ়াইছে ।
অভিনেতাগৰাকীয়ে এইবাৰ টুইট কৰি কয় যে বৰ্তমানৰ এনে পৰিস্থিতিৰ সময়ত আপুনি আনক যদি সহায় কৰিব বিচাৰে তেনেহ'লে নিযুক্তি দিয়াৰ দৰে মূল্যৱান কাম একো হ'ব নোৱাৰে । যি সময়ত কৰ'ণা এই পৰিস্থিতিৰ মাজতে বহু লোকে সংস্থাপন হেৰুৱাইছে তেনে সময়তে অভিনেতাগৰাকী এই টুইটে বিশেষ তাৎপৰ্য বহন কৰিছে । উল্লেখ্যে যে চনু চুডে অলপতে তেওঁৰ চুড চেৰিটি ফাউণ্ডেচনৰ জৰিয়তে বিনামূলীয়া চিএ শিক্ষা প্ৰদান কৰাৰ বাবে এক প্ৰচেষ্টা আৰম্ভ কৰিছে ।