অসম

assam

ETV Bharat / sitara

অনুৰাগীক ‘সৰ্বশ্ৰেষ্ঠ অনুৰাগী’ৰ আখ্যা সোনাক্ষী সিনহাৰ - পিপিই কিট বিতৰণ

‘ডাবাং গাৰ্ল’ সোনাক্ষী সিনহাৰ অনুৰাগীসকললৈ ধন্যবাদ জ্ঞাপন ৷ কোভিড-19ৰ বিৰুদ্ধে সংগ্ৰাম চলাই থকা লোকসকলক তেওঁৰ ফেন ক্লাৱে পিপিই কিট বিতৰণ কৰাৰ হেতুকে চ’ছিয়েল মিডিয়াযোগে ধন্যবাদ জনাই অভিনেত্ৰীগৰাকীয়ে ৷ তেওঁৰ অনুৰাগীসকলক ‘সৰ্বশ্ৰেষ্ঠ অনুৰাগী’ৰ আখ্যা সোনাক্ষী সিনহাৰ ৷

পুনৰবাৰ পি পি কিট বিতৰণ অভিনেত্ৰী সোনাক্ষী সিনহাৰ অনুৰাগীৰ
পুনৰবাৰ পি পি কিট বিতৰণ অভিনেত্ৰী সোনাক্ষী সিনহাৰ অনুৰাগীৰ

By

Published : May 20, 2020, 1:03 PM IST

চিটাৰা ডেস্ক, 20 মে’: বলিউডৰ মোহময়ী অভিনেত্ৰী সোনাক্ষী সিনহাই বুধবাৰে তেওঁৰ অনুৰাগীসকলক চ’ছিয়েল মিডিয়াযোগে ধন্যবাদ জ্ঞাপন কৰে ৷ কিয়নো পুনৰবাৰ অভিনেত্ৰীগৰাকীৰ অনুৰাগীসকলৰ ফেন ক্লাৱে শেহতীয়া কোভিড-19ৰ বিৰুদ্ধে যুঁজ দি থকা লোকসকলক পিপিই কিট প্ৰদান কৰা বুলি তেওঁ জানিবলৈ দিয়ে ৷ লগতে অনুৰাগীসকলক ‘সৰ্বশ্ৰেষ্ঠ অনুৰাগী’ৰ আখ্যা দিয়ে অভিনেত্ৰীগৰাকীয়ে ৷

পুনৰবাৰ পিপিই কিট বিতৰণ অভিনেত্ৰী সোনাক্ষী সিনহাৰ অনুৰাগীৰ
পুনৰবাৰ পিপিই কিট বিতৰণ অভিনেত্ৰী সোনাক্ষী সিনহাৰ অনুৰাগীৰ

উল্লেখ্য যে, ইয়াৰ পূৰ্বে পুণেৰ চৰ্দাৰ বল্লভ ভাই পেটেল হাস্পতালত পিপিই কিট প্ৰদান কৰাৰ পিছত এইবাৰ মুম্বাইস্থিত কে. জে. সোমেয়া হাস্পতালত পিপিই কিট বিতৰণ কৰে অনুৰাগীসকলে ৷ সোনাক্ষী সিনহাই তেওঁৰ ইনষ্টাগ্ৰাম পোষ্টৰ জৰিয়তে প্ৰদান কৰা পিপিই কিটসমূহৰ দুখন ফটো শ্বেয়াৰ কৰে ৷

পুনৰবাৰ পিপিই কিট বিতৰণ অভিনেত্ৰী সোনাক্ষী সিনহাৰ অনুৰাগীৰ

লগতে পঢ়ক: আম্ফানঃ উড়িশাত ধুমুহা আৰু প্ৰচণ্ড জোৱাৰ

ABOUT THE AUTHOR

...view details