চিটাৰা ডেস্ক,18 ডিচেম্বৰ: পুনৰ এক নতুন চৰিত্ৰত সোমোৱাৰ পূৰ্বে কিছুদিনৰ বিৰতি ল’ব বিচাৰে অভিনেতা শ্বাহিদ কাপুৰে ৷ সম্প্ৰতি শ্বহিদে জাৰ্চিৰ বাবে 47 দিনৰ শ্বুটিং সামাপ্ত কৰিছে ৷ নিজৰ এখন মিৰৰ ছেল্ফি ইনষ্টাগ্ৰামযোগে শ্বেয়াৰ কৰি অভিনেতা গৰাকীয়ে লিখে,"আৰু এটি যাত্ৰা সমাপ্ত হ’ল ৷ পুনৰ মই আন এজনৰ ৰূপ লোৱাৰ পূৰ্বে কিছুদিন মোৰ নিজৰ দৰে..."
মহামাৰীৰ সময়ত শ্বুটিঙৰ অভিজ্ঞতা সন্দৰ্ভত শ্বাহিদে কৈছিল ‘জাৰ্চিয়ে ছাইৰ পৰা সৃষ্টি হোৱা এটি ফিনিক্সৰ কাহিনী বৰ্ণনা কৰিব ৷ এটি অপ্ৰতিৰোধ্য আত্মাৰ বিজয়ৰ কাহিনী ৷ যদি কেতিয়াবা এনে এটি সময় আছিল য’ত মই নিজকে এটি চৰিত্ৰৰ সৈতে সংযুক্ত কৰিব পাৰো, নিশ্চিতভাৱে এইটোৱেই সেই সময় ৷’