চিটাৰা, ১৯ জুন :তাপসী পান্নু (Tapsee Pannu)ৰ সৈতে এখন ছবিত অভিনয় কৰাৰ পিছত পিছত 'স্কেম ১৯৯২'ৰ(Scam 1992) অভিনেতা প্ৰতীক গান্ধী পুনৰ এগৰাকী বলীউডৰ শীৰ্ষ নায়িকাৰ সৈতে পৰ্দাত ৰোমাঞ্চৰ সুযোগ লাভ কৰিছে । অভিনেতাগৰাকীয়ে আহিবলগীয়া 'শ্লাইচ-অফ-লাইফ' ছবি বাবে ইতিমধ্যে স্বাক্ষৰ কৰিছে য'ত তেওঁৰ সৈতে দেখা যাব মোহময়ী অভিনেত্ৰী বিদ্যা বালানক ।
দুই দম্পতীৰ কাহিনীৰে এলিপ্চিছ এণ্টাৰটেইনমেণ্টৰ (Ellipsis Entertainment) বেনাৰত নিৰ্মাণ হ'বলগীয়া ছবিখনৰ বাবে ইতিমধ্যে বিদ্যা বালান আৰু প্ৰতীকে হস্তাক্ষকৰ কৰিছে । প্ৰতীক আৰু বিদ্যা ছবিখনৰ বাবে সাজু হৈছে যদিও ছবি নিৰ্মাতাসকলে এতিয়া আন এক দম্পতীৰ সন্ধানত আছে ।
বিজ্ঞাপন জগতৰ এক পৰিচিত নাম শিৰশা গুহ থাউৰ্টাৰ দ্বাৰা পৰিচালিত আহিবলগীয়া ছবিখনে এক বিশেষ কাহিনীৰ জৰিয়তে পুৰুষ প্ৰধান সমাজক প্ৰত্যাহ্বান জনাব বুলি ধৰণা কৰা হৈছে। ৰাম গোপাল বাৰ্মাৰ দ্বাৰা পৰিচালিত ৰণ, ফুক আৰু কণ্ট্ৰাক্টৰ দৰে চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰা শিৰশাৰ পৰিচালনাত আত্মপ্ৰকাশ কৰিব তেওঁৰ প্ৰথম খন ছবি ।