চিটাৰা ডেস্ক,২৩ মাৰ্চ:সম্প্ৰতি বলীউডত ছাৰা আলী খান আৰু তেলেগু অভিনেতা বিজয় দেৱাৰকোণ্ডা চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ।বিগত মাহত ছাৰা তেলেগু তাৰকা মনীশ মালহোত্ৰাৰ এটা পাৰ্টিত অংশগ্ৰহণ কৰিছিল । য'ত ছাৰাই বিজয় দেৱাৰকোণ্ডাৰ সৈতে উঠা এটা ছেলফি শ্বেয়াৰ কৰিছিল । দুয়ো গৰাকীকে ছেলফিখনত হাঁহি থকাৰ এক বিশেষ মুহুৰ্তত দেখিবলৈ পোৱা গৈছিল । ছাৰাই লগতে ছেলফিত ফান ফেন মুহুৰ্তৰ ষ্টিকাৰেৰে কেপশ্বন দিছিল । ইয়াৰ পিছতে দুয়োগৰাকী তাৰকাক লৈ বিভিন্ন মহলত চৰ্চা হৈ আছিল । বহুতে আকৌ দুয়ো গৰাকীয়ে ডেটিঙত ব্যস্ত থকা কথাও ক'বলৈ আৰম্ভ কৰিছিল ।
তেতিয়াৰে পৰা চৰ্চাত থকা দুয়োগৰাকী তাৰকাক পুনৰ একেলগে দেখা গৈছে । 'লিগাৰ' ছবিৰ সহ-প্ৰযোজক চাৰ্মে কৌৰে শ্বেয়াৰ কৰা সোমবাৰৰ নিশাৰ এখন ফটোত ছাৰা আলী খানক বিজয়, কৰণ জোহৰ, মনীষ মালহোত্ৰা আৰু পৰিচালক পুৰী জগনাধৰ সৈতে একেলগে দেখা গৈছে ।