চিটাৰা ডেস্ক, 10 আগষ্ট :প্ৰখ্যাত ছবি পৰিচালক সঞ্জয় লীলা ভাঞ্চালী আপোনাৰ কিমান প্ৰিয় ? আপুনি ভাবিছে নেকি পদ্মাৱত ছবিখন চুপাৰহিট হোৱাৰ পাচত সঞ্জয় লীলা ভাঞ্চালীয়ে ছবি নিৰ্মাণৰ কোনো কাম হাতত লোৱা নাই ? ৰ'ব, আমি লৈ আহিছো আপোনাৰ বাবে এটা ভল খবৰ ৷
চলচিত্ৰ জৰিয়তে মনোৰঞ্জনৰ লগতে চিন্তাৰ খোৰাক দিয়া আপোনাৰ প্ৰিয় পৰিচালক সঞ্জয় লীলা ভাঞ্চালীয়ে ইতিমধ্যে ছবি নিৰ্মাণৰ এটা নতুন প্ৰকল্প হাতত লৈছে ৷ আপুনি ভৱাৰ দৰেই বলিউড ছবি জগতলৈ আহি আছে সঞ্জয় লীলা ভাঞ্চালীৰ এখন নতুন ছবি ৷
লগতে পঢ়ক :গ্ৰেপ্তাৰ হ’ব নেকি অভিনেত্ৰী শিল্পা চেট্টী ?
১৫ শতিকাৰ পৰা ১৬ শতিকাৰ সময়ত লাহোৰ চহৰৰ এটা ৰেড লাইট অঞ্চলত গঢ় লৈ উঠা এক আধ্যৱন্ত সকলৰ গোপন অভিসাৰ আৰু আড্ডাস্থলীৰ আধাৰত নিৰ্মাণ কৰা হ'ব সঞ্জয় লীলা ভাঞ্চালীৰ এই নতুন ছবিখন ৷ বাস্তৱৰ আধাৰত নিৰ্মাণৰত এই ছবিখনৰ নাম হ'ব হীৰামান্দি ৷
ছবিখনৰ বিষয়বস্তু সঞ্জয় লীলা ভাঞ্চালীৰ পূৰ্বৰ ছবি সমূহতকৈ সম্পূৰ্ণ পৃথক ৷ আপুনি ভাবিছিল হয়তো ভাঞ্চালীৰ আহিবলগীয়া নতুন ছবি Gangubai Kathiawadi দৰে হীৰামান্দি বিষয়বস্তুৰ কিছু সাদৃশ্য থাকিব ৷ নহয়, সম্পৰ্ণ পৃথক হ'ব এই ছবিখন ৷