অসম

assam

ETV Bharat / sitara

পুনৰ গোচৰ ৰুজু হোৱা আশংকা ছলমান খানৰ বিৰুদ্ধে

মঙলবাৰে জোধপুৰ কৃষ্ণষাড় হৰিণ চিকাৰত ব্যৱহৃত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ হেৰোৱা বুলি মিছা শপত পত্ৰ দিয়া সন্দৰ্ভত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ৷ য'ত ছলমানৰ অধিবক্তাই ন্যায়ালয়ত মন্তব্য কৰে যে, ছলমান খানে কোনো এনে মন্তব্য কৰা নাছিলে যাৰ বাবে তেওঁ মিছা শপত গ্ৰহণ পত্ৰ দিবলগীয়া হৈছে

পুনৰ গোচৰ ৰুজু হোৱা আশংকা ছলমানৰ বিৰুদ্ধে

By

Published : Jun 12, 2019, 1:31 PM IST

নিউজ ডেস্ক, 12 জুন: পুনৰ গোচৰৰ সন্মুখীন হ'ব পাৰে বলিউডৰ ডাবাংগ ছলমান খান ৷ 1998 চনৰ জোধপুৰত কৃষ্ণষাড় হৰিণ চিকাৰৰ ঘটনাত অন্য এক গোচৰ ৰুজু হোৱাৰ আশংকা অভিনেতা গৰাকীৰ বিৰুদ্ধে ৷ উল্লেখ্য যে, মঙলবাৰে জোধপুৰৰ কৃষ্ণষাড় হৰিণ চিকাৰত ব্যৱহৃত অস্ত্ৰৰ অনুজ্ঞাপত্ৰ হেৰোৱা বুলি মিছা শপত পত্ৰ দিয়া সন্দৰ্ভত শুনানিৰ দিন ধাৰ্য কৰা হৈছিল ৷ য'ত ছলমানৰ অধিবক্তা ন্যায়ালয়ত মন্তব্য কৰে যে,ছলমান খানে কোনো এনে মন্তব্য কৰা নাছিলে যাৰ বাবে তেওঁ মিছা শপত গ্ৰহণ পত্ৰ দিবলগীয়া হৈছে ৷ আনহাতে,যদিহে জনপ্ৰিয় অভিনেতা গৰাকীয়ে মিছা শপত পত্ৰ দি ন্যায় ব্যৱস্থাক বিপথে পৰিচালিত কৰিব বিচাৰিছে তেতিয়া হ'লে পুনৰ এক নতুন গোচৰ ৰুজু হোৱাৰ সম্ভাৱনা আছে ছলমান খানৰ বিৰুদ্ধে ৷ আনহাতে, সুদীৰ্ঘ 13বছৰ ধৰি চলি অহা গোচৰৰ পুনৰ শুনানি 17 জুনত হ'ব বুলি সদৰী কৰে ন্যায়ালয়ে ৷

পুনৰ গোচৰ ৰুজু হোৱা আশংকা ছলমানৰ বিৰুদ্ধে

ABOUT THE AUTHOR

...view details