চিটাৰ ডেস্ক, 9 জানুৱাৰী : চলচিত্ৰ নিৰ্মাতা আলি আবাছ জাফৰৰ অ’টিটি প্লেটফ’মত মুক্তি লাভ কৰিবলগীয়া ৱেব চিৰিজ তাণ্ডৱত দেখা যাব অভিনেতা ছৈইফ আলী খানক । ১৫ জানুৱাৰীত এমাজ'ন প্ৰাইম ভিডিঅ'ত মুক্তি লাভ কৰিব ৱেব চিৰিজখনে ৷ ৱেব চিৰিজখনৰ বহু দৃশ্যগ্ৰহণ অভিনেতাগৰাকীৰ হাৰিয়ানাস্থিত পৈতৃক সম্পত্তি তথা ঐতিহ্যমণ্ডিত পাটাউডি হাউছত কৰা হৈছে ৷
তাণ্ডৱত ছৈইফ আলী খানে ডিঙি কটা ৰাজনীতিবিদ সমৰ প্ৰতাপ সিঙৰ নাম ভূমিকাত অভিনয় কৰিব ৷ পাটাউডি পেলেচত শ্বুটিং কৰাৰ অনুমতি দিয়াৰ পাছত অভিনেতাগৰাকীয়ে পৈত্ৰী সম্পত্তিৰ ভিতৰত শ্বুটিঙৰ অনুমতি দি ৱেব চিৰিজখনত ব্যতিক্ৰম কৰিছিল বুলি উল্লেখ কৰে । তেওঁ পাটাউডি পেলেচত শ্বুটিং কৰাৰ ফলত ৱেব চিৰিজখনত অধিক ৰাজকীয় ৰূপ দিয়াত সহায়ক হৈছে বুলি মন্তব্য কৰে ৷ তদুপৰি পেলেচটো বছৰৰ 340 দিনেই খালী থকাত সাজে সময়ে ভৱনটো শ্বুটিংৰ বাবে দিয়াত কোনো আপত্তি নাই বুলি কয় ৷