অসম

assam

ETV Bharat / sitara

মুম্বাইত আৰম্ভ হ'ল চাহোৰ শ্বুটিং

অনুৰাগীৰ বহু অপেক্ষাৰ অন্ত পেলাই এই বৰ্ষতে মুক্তি পাব বৰ্ষটোৰ বহু প্ৰত্যাশিত বিগ বাজেটৰ ছবি চাহো

By

Published : Apr 22, 2019, 8:35 AM IST

Updated : Apr 22, 2019, 9:05 AM IST

মুম্বাইত আৰম্ভ হ'ল সাহোৰ শ্বুটিং

নিউজ ডেক্স,২২ এপ্ৰিলঃ জনপ্ৰিয় অভিনেতা প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি চাহোৰ বাবে অপেক্ষাৰত সকলো অনুৰাগী । শেহতীয়াকৈ চলচ্চিত্ৰখনৰ শ্বুটিঙৰ কাম-কাজ চলি আছে মুম্বাই চহৰত। চলচ্চিত্ৰখনৰ সহ অভিনেতা নীল নীতিন মুকেশে নিজৰ ইনষ্টাগ্ৰাম যোগে এই কথা সদৰী কৰে অনুৰাগীৰ মাজত । তেওঁ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু চলচ্চিত্ৰখনৰ প্ৰযোজক সুজীথৰ সৈতে মুম্বাইত শ্বুটিঙৰ সময়ছোৱাৰ এখন সুন্দৰ ফটো প্ৰকাশ কৰে ইনষ্টাগ্ৰামযোগে ।

মুম্বাইত আৰম্ভ হ'ল সাহোৰ শ্বুটিং

উল্লেখ্য যে, প্ৰথমবাৰৰ বাবে চলচ্চিত্ৰৰ ক্ষেত্ৰখনত অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ আৰু জনপ্ৰিয় অভিনেতা প্ৰভাসে একেলগে কাম কৰিছে । লগতে দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত এইয়া শ্ৰদ্ধা কাপুৰৰ প্ৰথম পদাৰ্পণ । প্ৰভাস আৰু শ্ৰদ্ধা কাপুৰৰ উপৰিও চলচ্চিত্ৰখনত নীল নীতিন মুকেশ, জেকি শ্ৰফ,মন্দিৰা বেদী, মহেশ মঞ্জেৰকাৰ,চাংকী পাণ্ডেৰ দৰে বহু পৰিচিত অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে ।

Last Updated : Apr 22, 2019, 9:05 AM IST

ABOUT THE AUTHOR

...view details