অসম

assam

By

Published : Dec 22, 2020, 8:06 PM IST

ETV Bharat / sitara

পেৰালাইচিছ ষ্ট্ৰ'কত আক্ৰান্ত শ্বাহৰুখ খান অভিনীত 'ফেন' ছবিৰ অভিনেত্ৰী শিখা শৰ্মা

এই চলিত মাহৰ প্ৰথমাৰ্ধত পেৰালাইচিছ ষ্ট্ৰ'কত ভোগে শ্বাহৰুখ খানৰ 2016 চনৰ বোলছবি 'ফেন'ত অভিনয় কৰা অভিনেত্ৰী শিখা শৰ্মাই ৷

পেৰালাইচিছ ষ্ট্ৰ'কত আক্ৰান্ত শ্বাহৰুখ খান অভিনীত 'ফেন' ছবিৰ অভিনেত্ৰী শিখা শৰ্মা
পেৰালাইচিছ ষ্ট্ৰ'কত আক্ৰান্ত শ্বাহৰুখ খান অভিনীত 'ফেন' ছবিৰ অভিনেত্ৰী শিখা শৰ্মা

চিটাৰা ডেস্ক, 22 ডিচেম্বৰ:এই চলিত মাহৰ প্ৰথমাৰ্ধত শ্বাহৰুখ খানৰ 2016 চনৰ বোলছবি 'ফেন'ত অভিনয় কৰা অভিনেত্ৰী শিখা শৰ্মাই পেৰালাইচিছ ষ্ট্ৰ'কত ভোগে ৷ অভিনেত্ৰী গৰাকীয়ে তেওঁ সাম্প্ৰতিক স্থিতিৰ বিষয়ে উল্লেখ কৰি কয়, যদিও তেওঁৰ আৰোগ্যতাৰ বাবে চলি থকা চিকিৎসা ফলপ্ৰসু হৈছে তথাপিও তেওঁৰ স্বাভাৱিক জীৱন বৰ্তমানেও ধূসৰিত ৷

শিখা শৰ্মা এগৰাকী অভিনেত্ৰী হোৱাৰ লগতে তেওঁ নাৰ্ছিঙৰ ডিগ্ৰীধাৰী ৷ তেওঁ মুম্বাইৰ বালাচাহেব থাকৰে ক'ভিড হাস্পতালত এগৰাকী নাৰ্ছ হিচাপে কৰ্মৰত আছিল ৷ 10 ডিচেম্বৰত হঠাতে তেওঁ পেৰালাইচিছ ষ্ট্ৰ'কত ভোগে আৰু তেওঁক ততাতৈয়াকৈ কোকিলাবেন হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ পৰৱৰ্তী সময়ত তেওঁক কোকিলাবেন হাস্পতালৰ পৰা মুম্বাইৰ কুপাৰ হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

এটা আগশাৰীৰ সংবাদ মাধ্যমৰ আগত নিজৰ মন্তব্য প্ৰকাশ কৰি তেওঁ কয়, "মোৰ স্বাস্থ্যৰ উন্নতি ঘটিছে যদিও ই বাৰুকৈয়ে লেহেমীয়া ৷ মই এই বিষয়ে স্পষ্ট নহয় যে কেতিয়ালৈ মই খোজকাঢ়িব পাৰিম ৷"

লগতে পঢ়ক:আয়ুস্মান-বাণী অভিনীত 'চণ্ডীগড় কৰে আছিকী'ৰ দৃশ্যগ্ৰহণ ৪৮ দিনত সম্পূৰ্ণ

ABOUT THE AUTHOR

...view details