অসম

assam

ETV Bharat / sitara

মুকলি হ'ল ৰনবীৰ সিঙৰ নতুন ছবি ‘83’ ৰ নতুন প’ষ্টাৰ

খেলপথাৰত নহয় এইবাৰ ছবিগৃহত দেখা পাব 1983 বিশ্বকাপৰ সোণালী দিন ৷ 1983 চনৰ বিশ্বকাপৰ ইতিহাস পুনৰ দৰ্শাব ৰনবীৰ সিঙে ৷ ইতিমধ্যে ছবিখনৰ এক প’ষ্টাৰত কপিল দেৱৰ এক প্ৰসিদ্ধ শ্বট খেলা দেখা পোৱা গৈছে ৰনবীৰ সিঙক ৷

By

Published : Nov 11, 2019, 10:55 AM IST

মুকলি ৰনবীৰ সিঙৰ নতুন ছবি ‘83’ ৰ নতুন প’ষ্টাৰ

স্পৰ্টছ ডেস্ক, 11 নৱেম্বৰ:1983 বিশ্বকাপ ক্ৰিকেটৰ ওপৰত নিৰ্মিত বহু প্ৰত্যাশিত‘83’ৰ নতুন প’ষ্টাৰ মুকলি ৷ কপিল দেৱৰ ভূমিকাত দেখা পোৱা যাব বলিউডৰ অভিনেতা ৰনবীৰ সিঙক ৷ 1983 বিশ্বকাপৰ ইতিহাসক লৈ নিৰ্মাণ কৰা হৈছে 83 নামৰ ছবিখন ৷ যাৰ আন এক নতুন প’ষ্টাৰ টুইটাৰত প্ৰকাশ কৰে অভিনেতাগৰাকীয়ে ৷

প’ষ্টাৰখনত কপিল দেৱৰ প্ৰসিদ্ধ ‘নটৰাজ শ্বট’ খেলা দেখা পোৱা গৈছে ৰনবীৰ সিঙক ৷ ভাৰত আৰু জিম্বাবৱেৰ বিৰুদ্ধে 1983 বিশ্বকাপৰ ছেমি ফাইনেল মেচত 175 ৰান কৰিছিল কপিল দেৱে ৷ য’ত নটৰাজ শ্বট খেলিছিল ভাৰতৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে ৷ ইতিমধ্যে সম্পূৰ্ণ হৈছে ছবিখনৰ শ্বুটিঙৰ কাম ৷

ৰনবীৰ সিঙৰ নতুন ছবি ‘83’

উল্লেখ্য যে, শক্তিশালী ৱেষ্ট ইণ্ডিজক পৰাস্ত কৰি ভাৰতৰ ঐতিহাসিক বিশ্বকাপ জয়ৰ প্ৰতিচ্ছবি দাঙি ধৰা হ’ব এই ছবিখনত ৷ ৰনবীৰে সিঙে ভাৰতীয় দলৰ অধিনায়ক কপিল দেৱৰ ভূমিকা পালন কৰাৰ বিপৰীতে সুনীশ গাভাস্কাৰৰ ভূমিকাত আছে ৰাজ ভছীন, মহিন্দৰ অমৰনাথৰ ভূমিকা পালন কৰিছে ছাকিব ছলীমে, সন্দীপ পাটেলৰ ভূমিকাত আছে চিৰাগ পাটিল

1983 বিশ্বকাপ, চেম্পিয়ন ভাৰত

আনহাতে বিবাহৰ পাচত প্ৰথমবাৰৰ বাবে এই ছবিখনত একেলগে দেখা পোৱা যাব দীপিকা পাডুকণআৰু ৰনবীৰ সিঙক ৷ কপিল দেৱৰ পত্নী ৰ’মীৰ ভূমিকা পালন কৰিব দীপিকা পাডুকণে ৷ আগন্তুক বৰ্ষৰ 10 এপ্ৰিলত মুক্তি লাভ কৰিব ছবিখনে ৷ নিৰ্দেশক কবিৰ খানৰ দ্বাৰা নিৰ্মিত ছবিখন তিনিটা ভাষাত মুক্তি লাভ কৰিব বুলি জানিব পৰা গৈছে ৷

লগতে চাওক-আন্তঃৰাষ্ট্ৰীয় টি-20 ত দীপক চহাৰৰ বিশ্ব অভিলেখ

ABOUT THE AUTHOR

...view details