চলচ্চিত্ৰ "এইট্টি থ্ৰী "ত কপিল দেৱৰ ৰূপত ৰণবীৰ সিঙ - WORLDCUP
ভাৰতীয় ক্ৰিকেট ইতিহাসৰ ১৯৮৩চনৰ বিশ্বকাপ খেলখনৰ ওপৰত আধাৰিত চলচ্চিত্ৰখনেই হৈছে "এইট্টি থ্ৰী"।শেহতীয়াকৈ ৰণবীৰ সিঙে প্ৰকাশ কৰে চলচ্চিত্ৰখনৰ কিছু স্থিৰ চিত্ৰ।

নিউজ ডেক্স,১০ এপ্ৰিলঃ গল্লী বয়ৰ পাছত এইবাৰ ক্ৰিকেটাৰৰ ৰূপত অভিনেতা ৰণবীৰ সিং । সম্প্ৰতি ৰণবীৰ সিং সাজু হৈছে আগন্তুক চলচ্চিত্ৰ " এইট্টি থ্ৰি"ৰ বাবে । চলচ্চিত্ৰখত ১৯৮৩ চনৰ ভাৰতীয় ক্ৰিকেট ইতিহাসৰ আটাইতকৈ প্ৰভাৱশালী বিশ্বকাপ খেলখনৰ ওপৰত আধাৰিত । চলচ্চিত্ৰখনত প্ৰখ্যাত ক্ৰিকেটাৰ কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰণবীৰ সিঙে । সেইয়ে সম্প্ৰতি ক্ৰিকেটাৰজনৰ দৈহিক অৱয়ৱ তথা তেঁওৰ সৈতে ৰজিতা খাব পৰাকৈ দৈহিক প্ৰশিক্ষণ অব্যাহত ৰাখিছে জনপ্ৰিয় অভিনেতাজনে । শেহতীয়াকৈ অভিনেতাজনে হিমাচল প্ৰদেশৰ পৰা কপিল দেৱৰ চৰিত্ৰত অভিনয় কৰি থকা সময়ৰ কিছু স্থিৰ চিত্ৰ প্ৰকাশ কৰে টুইটাৰ যোগে ।