চিটাৰা ডেস্ক, ২১ অক্টোবৰ: অভিনেতা ৰাণা দগ্গুৱাতীৰ এক্সন, হাস্যৰসধৰ্মী ছবি 'হাথী মেৰে ছাথী'ৰ মুক্তি কৰ'ণা মহামাৰীৰ বাবে স্থগিত কৰা হৈছিল। শেহতীয়াকৈ চৰকাৰে চিনেমা হল খোলাৰ অনুমতি দিয়াৰ পিছত মুক্তিৰ দিন ঘোষণা কৰা হৈছে। ২০২১চনৰ মকৰ সংক্ৰান্তিত ছবিগৃহত প্ৰদৰ্শিত হ'ব 'হাথী মেৰে ছাথী'। ইৰ'ছ ইণ্টাৰনেশ্যনেল দ্বাৰা সমৰ্থিত আৰু প্ৰভু ছ'ল'মনে নিৰ্দেশনা কৰা এই ছবিখন চলিত বৰ্ষৰ ২ এপ্ৰিলত তামিল আৰু তেলেগু ভাষাত মুক্তি দিয়াৰ কথা আছিল।
মুক্তিৰ বাবে সাজু ৰাণা দগ্গুৱাতী অভিনীত 'ছবি হাথী মেৰে ছাথী' - অভিনেতা
২০২১চনৰ মকৰ সংক্ৰান্তিত মুক্তিৰ বাবে সাজু হৈছে ৰাণা দগ্গুৱাতী অভিনীত ছবি 'হাথী মেৰে ছাথী'। প্ৰভু ছ'ল'মনে নিৰ্দেশনা কৰা এই ছবিখন মানুহ আৰু অৰণ্যৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰা এক সুন্দৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে।
বুধবাৰে ছবি নিৰ্মাতাগৰাকীয়ে কয় যে, 'আজি আমি এক প্ৰাণঘাতী মহামাৰীৰ সৈতে যুঁজি আছো। এনে এখন যুঁজৰ সন্মুখীন অৰণ্যই সদায় হ'বলগীয়া হয়। ২০২১ চনৰ মকৰ সংক্ৰান্তি মুক্তি লাভ কৰাৰ পিছত 'হাথী মেৰে ছাথী' এই যুঁজৰ অংশীদাৰ হ'ব।'পুলকিত সম্ৰাট, শ্ৰীয়া পিলগাওকাৰ আৰু জয়া হুছেইনে অভিনয় কৰিছে এই ছবিখনত। অৰণ্য আৰু জন্তুৰ বাবে সংঘৰ্ষ কৰা এজন লোকৰ কাহিনী এই ছবিখনৰ জৰিয়তে দেখুওৱা হৈছে। বাহুবলী ষ্টাৰ ৰাণা দগ্গুৱাতীয়ে টুইটযোগে এখন ফটো শ্বেয়াৰ কৰি লিখিছে যে, 'জীৱন আৰম্ভ হয় আৰু অৰণ্যই ঘূৰাই থাকে'।অভিনেতাগৰাকীয়ে এক সাক্ষাত্কাৰত কয় যে, পৰিৱেশৰ সমস্যাসমূহ এই ছবিখনৰ জৰিয়তে দাঙি ধৰা হৈছে। এই ছবিখন সমাজৰ বাবে এক দৰ্পণ স্বৰূপ।
লগতে পঢ়ক:2021ত মুক্তি পাব ফাষ্ট এণ্ড ফিউৰিয়াছৰ নতুন সংস্কৰণ ‘F9’