গুৱাহাটী, 10 ফেব্ৰুৱাৰীঃনতুন অসমীয়া ছবি ৰাজকুমাৰীৰ অডিশ্যনৰ বাবে ভিৰ বিভিন্নজনৰ ৷ সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিল ন-ন কলা-কুশলী ৷ ৰাজকুমাৰী ছবিত অভিনয়ৰ সুযোগৰ বাবে পৰিচালকে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ এনেদৰে অডিচন ল’লে ৰাজগড়স্থিত মা ষ্টুডিঅ’ত। শিশুৰ পৰা বয়োজ্যেষ্ঠজনলৈ সকলোৱে অডিশ্যনৰ বাবে ঢাপলি মেলিলে মা ষ্টুডিঅ’লৈ ৷
ৰাজকুমাৰীত অভিনয় কৰাৰ দৌৰত ন-ন কলা-কুশলী - নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য
ৰাজকুমাৰী ছবিত অভিনয়ৰ সুযোগৰ বাবে পৰিচালকে পোনপ্ৰথমবাৰৰ বাবে অসমীয়া ছবিৰ এনেদৰে অডিশ্যন ল’লে ৰাজগড়স্থিত মা ষ্টুডিঅ’ত। শিশুৰ পৰা বয়ো জ্যেষ্ঠজনলৈ সকলোৱে অডিশ্যনৰ বাবে ঢাপলি মেলিলে মা ষ্টুডিঅ’লৈ ৷

ছবিখনৰ পৰিচালক তথা অভিনেত্ৰী প্ৰস্তুতি পৰাশৰ,ছবিখনৰ কাহিনী লেখক তথা নাট্যকাৰ অভিজিৎ ভট্টাচাৰ্য তথা ছবিখনৰ প্ৰযোজকৰ লগতে ছবিখনৰ লগত জড়িত কেইবাগৰাকীও ব্যক্তিয়ে অডিশ্যনৰ লয় ছবিখনৰ বাবে ৷ কেমেৰাৰ সন্মূখত সংলাপৰ সৈতে ছবিৰ অডিচন দিয়ে দুৰদুৰণিৰ পৰা অহা ন-ন কলা কুশলীয়ে। ছবিখনৰ মূল চৰিত্ৰ কেইটাৰ বাহিৰে বাকী সকলো চৰিত্ৰকে এই অডিচনৰ পৰা বাচনি কৰা হ’ব বুলি উল্লেখ কৰে। কেৱল ৰাজকুমাৰী ছবিৰ বাবেই নহয় আন আন নাটক আৰু ছবিৰ উপযুক্ত চৰিত্ৰৰ বাবে অভিনেতা-অভিনেত্ৰী বাচনিৰ কৰা হৈছে বুলিও উল্লেখ কৰে প্ৰস্তুতি পৰাশৰে। অসমীয়া ছবিৰ বাবে এনেদৰে ন-ন কলা-কুশলী ওলাই অহাটো এক শুভ লক্ষণ বুলি ক’ব খুজিছে বিভিন্নজনে ৷
আৰু পঢ়কঃ25 টকীয়া শ্ৰমিকৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰা ব্যক্তিজন