চিটাৰা ডেস্ক, 16 ডিচেম্বৰ :বুধবাৰে 40 বছৰীয়া জন্মদিন পালন কৰিলে প্ৰস্তুতি পৰাশৰে (Prastuti Parasar turns to 40) ৷ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত অভিনেত্ৰী গৰাকীয়ে বিভিন্ন ব্যস্ততাৰ মাজতো কিছু পৃথককৈ উদযাপন কৰিলে জন্মদিনটো ৷ জন্মদিনটোত পিতৃ-মাতৃ আৰু স্বামীৰ সৈতে এক বিশেষ উদ্দেশ্য আগত ৰাখি গোৱালপাৰা পায়গৈ প্ৰস্তুতি ৷
গোৱালপাৰা চহৰৰ বদলীমাৰীস্থিত 'মহিলা আশ্ৰম' নামৰ বৃদ্ধাশ্ৰমখনৰ আৱাসী সকলৰ মাজত থাকি জন্মদিনৰ তৃপ্তি লয় প্ৰস্তুতিয়ে (Prastuti Parasar celebrated her birthday at old age home) ৷ বৃদ্ধাশ্ৰমৰ আইতাসকলৰ সৈতে বহু সময় ধৰি মত বিনিময় কৰে অভিনেত্ৰী গৰাকীয়ে ৷ নাটক কৰা দিনৰ কথা সুঁৱৰি প্ৰস্তুতি নষ্টালজিক হৈ পৰে ৷