চিটিৰা ডেস্ক, 7 অক্টোবৰ:অভিনেত্ৰী পায়েল ঘোষে বুধবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰাণালয়ৰ ৰাজ্যিক বিভাগৰ মন্ত্ৰী জি, কিষাণ ৰেড্ডীক লগ কৰি, ছবি নিৰ্মাতা অনুৰাগ কাশ্যপৰ বিৰুদ্ধে থকা অভিযোগৰ তদন্ত সম্পৰ্কে অৱগত কৰে ৷ বৰ্তমান মুম্বাই আৰক্ষীয়ে তেওঁ ৰুজু কৰা গোচৰৰ ভিত্তিত বিষয়টো তদন্ত কৰি আছে ৷
ঘোষে কয়,"মই মন্ত্ৰীৰ সৈতে গোচৰ সম্পৰ্কে অৱগত কৰিবলৈ সাক্ষাৎ কৰো ৷ মুম্বাই আৰক্ষীয়ে অনুসন্ধান চলাই থাকিলেও অনুৰাগ কাশ্যপ এতিয়াও মুকলিকৈ ঘূৰি আছে ৷"