অসম

assam

ETV Bharat / sitara

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

কাঞ্চনজংঘা, ৰত্নাকৰৰ ব্যাপক সফলতাৰ পাচত এইবাৰ আহি আছে নতুন অসমীয়া বোলছবি অমৃতা গগৈৰ "প্ৰতিঘাত"৷ ৰাজ্যজুৰি টীম প্ৰতিঘাতৰ মাৰাথান প্ৰচাৰ অভিযান ৷

By

Published : Nov 15, 2019, 11:27 PM IST

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

পাঠশালা, 15 নৱেম্বৰ: শুকুৰবাৰে ৰাসৰ-আনন্দ উল্লাসৰ মাজতে শিক্ষা নগৰী পাঠশালা আহিব লগা নতুন অসমীয়া বিগ বাজেট বোলছবি প্ৰতিঘাতৰ প্ৰচাৰ চলালে টীম প্ৰতিঘাতে ৷ মোহময়ী অভিনেতা অমৃতা গগৈ আৰু "মহেঞ্জোদাৰো" খ্যাত অভিনেতা দিগন্ত হাজৰিকাই মুখ্য চৰিত্ৰত অভিনয় কৰা ছবিখন অহা 6 ডিচেম্বৰত চিত্ৰগৃহত মুক্তি লাভ কৰিব ৷ ছবিখনৰ প্ৰচাৰ অভিযানৰ অংশস্বৰূপেই পাঠশালা, পাটাছাৰকুছি আৰু হেলেনাৰ ৰাসস্থলীত প্ৰচাৰ চলালে অমৃতা গগৈ,দিগন্ত হাজৰিকা সহিতে টীম প্ৰতিঘাতে ৷ প্ৰচাৰ কালচোৱাত ৰাইজৰ ব্যাপক সঁহাৰি লাভ কৰিলে প্ৰচাৰকাৰী দলটোৱে ৷ উল্লেখযোগ্য যে,"প্ৰতিঘাত"ৰ প্ৰায় আশী শতাংশ চিত্ৰগ্ৰহণ সম্পন্ন হৈছে পাঠশালাত তাক লৈ এতিয়া আনন্দৰ জোৱাৰ উঠিছে শিক্ষা নগৰীত ৷

ইয়াৰ পূৰ্বেও অসমীযা ছবি জগতৰ কেইখন মান জনপ্ৰিয় উল্লেখযোগ্য সফল ছবি ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী জাহ্নু বৰুৱাৰ হালধীয়া চৰায়ে বাওধান খায়, ড৹ ভবেন্দ্ৰ নাথ শইকীয়াৰ আবৰ্তন, দীনবন্ধু আৰু ফিৰিঙতিৰ দৃশ্যগ্ৰহণো পাঠশালাতে সম্পন্ন কৰা হৈছিল ৷ পাঠশালাৰ সন্তান অচিন্ত্য শংকৰে পৰিচালনা কৰা ছবিখনক পাঠশালাৰ প্ৰেক্ষাপটতেই নিৰ্মাণ কৰা হৈছে ৷ ইফালে প্ৰচাৰ কালত ৰাইজৰ ব্যাপক মৰম সঁহাৰি লাভ কৰি আপ্লুত হৈ পৰিল টীম প্ৰতিঘাত ৷

ৰাসৰ মাজতে পাঠশালাত টীম প্ৰতিঘাতৰ প্ৰচাৰ অভিযান

আৰু পঢ়ক: আন্তঃৰাষ্ট্ৰীয় পেৰাগ্লাইডিং প্ৰতিযোগিতাৰ সামৰণি

ABOUT THE AUTHOR

...view details