অসম

assam

By

Published : Dec 8, 2020, 12:00 PM IST

ETV Bharat / sitara

পংকজ ত্ৰিপাঠীয়ে ৰাজহুৱা কৰিলে "শ্বাকিলা"ৰ প্ৰথম পোষ্টাৰ

সোমবাৰে বলীউড অভিনেতা পংকজ ত্ৰিপাঠীয়ে আহিবলগীয়া ছবি "শ্বাকিলা"ৰ পোষ্টাৰ ৰাজহুৱা কৰে ৷ ইন্ষ্টাগ্ৰামযোগে অভিনেতাগৰাকীয়ে প্ৰকাশ কৰে ছবিখনৰ পোষ্টাৰ ৷ 25 ডিচেম্বৰত বৰদিনৰ দিনা ভাৰতৰ সকলো ছবিগৃহতে কেইবাটাও ভাষাত মুক্তিলাভ কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে ছবিখনৰ ৷

পংকজ ত্ৰিপাঠীয়ে ৰাজহুৱা কৰিলে "শ্বাকিলা"ৰ প্ৰথম পোষ্টাৰ
পংকজ ত্ৰিপাঠীয়ে ৰাজহুৱা কৰিলে "শ্বাকিলা"ৰ প্ৰথম পোষ্টাৰ

চিটাৰা ডেস্ক, 8 ডিচেম্বৰ: বলীউড অভিনেতা পংকজ ত্ৰিপাঠীয়ে সোমবাৰে তেওঁৰ আহিবলগীয়া ছবি "শ্বাকিলা"ৰ পোষ্টাৰ ৰাজহুৱা কৰে ৷

লুড'ৰ অভিনেতাগৰাকীয়ে ইন্ষ্টাগ্ৰামযোগে তেওঁৰ আহিবলগীয়া ছবিখনৰ প্ৰথম দৃশ্য প্ৰদৰ্শন কৰে ৷ য'ত অভিনেতাগৰাকী দক্ষিণ ভাৰতীয় চুপাৰষ্টাৰৰ ৰূপত পৰিলক্ষিত হ'ব ৷

অভিনেতাগৰাকীয়ে প্ৰকাশ কৰা পোষ্টাৰত তেওঁক অন্য এক ৰূপত পৰিলক্ষিত হৈছে ৷ তেওঁ অভিনয় কৰিবলগীয়া চৰিত্ৰৰ কিছু অংশ পোষ্টাৰখনত প্ৰকাশ পাইছে ৷ তেওঁক এখন হাতত মাইক্ৰ'ফোন আৰু আনখন হাতত এটা পুৰস্কাৰ লৈ থকা দেখিবলৈ পোৱা গৈছে ৷

অভিনেতাগৰাকীয়ে শ্বেয়াৰ কৰে যে, "মই ৰোমাঞ্চিত যে, আমাৰ মৰমৰ শ্বাকিলাই আহিবলগীয়া বৰদিনত সকলো ছবিগৃহতে মুক্তি লাভ কৰিবলৈ সম্পূৰ্ণ সাজু হৈ উঠিছে ৷ মই ছবিখনক লৈ বাৰুকৈয়ে উৎসাহিত হৈ আছো, কিয়নো মই এই ছবিখনত বহু প্ৰতিভাৰ অধিকাৰী বন্ধু ৰিছা চাড্ডাৰ সৈতে কাম কৰিছো ৷"

ছবিখনত তেওঁৰ ভুমিকা সন্দৰ্ভতো মন্তব্য কৰে অভিনেতাগৰাকীয়ে ৷ তেওঁ কয়, "ছবিখনত মোৰ এক সুন্দৰ অংশ আছে ৷ মই মোৰ কেৰিয়াৰত প্ৰথমবাৰৰ বাবে এগৰাকী অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছো ৷ মই আগৰ পৰাই পৰ্দাত এগৰাকী অভিনেতাৰ চৰিত্ৰত অভিনয় কৰিবলৈ বিচাৰিছিলো ৷"

মুখ্য চৰিত্ৰত অভিনয় কৰিছে ৰিছা চাড্ডাই ৷ ছবিখনৰ পৰিচালক হৈছে ইন্দ্ৰজিৎ লংকেশ ৷ ছবিখনত "ফুকৰে"ৰ তাৰকাগৰাকীক এগৰাকী বয়স্ক অভিনেত্ৰীৰ ৰূপত দেখা যাব, যি কেৰালাৰ 1990 দশকৰ জনপ্ৰিয় তাৰকাসকলৰ অন্যতম আছিল ৷

শ্বাকিলা 25 ডিচেম্বৰত বৰদিনৰ দিনা ভাৰতৰ সকলো ছবিগৃহতে কেইবাটাও ভাষাত মুক্তিলাভ কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পন্ন হৈছে ৷ ছেমী নানৱানী আৰু ছাহিল নানৱানীৰ দ্বাৰা নিৰ্মিত শ্বাকিলাত মালায়ালাম অভিনেতা ৰাজীৱ পিল্লাইয়ো অভিনয় কৰিছে ৷

লগতে পঢ়ক:COVID-19 ত আক্ৰান্ত অভিনেত্ৰী কৃতি চেনন

ABOUT THE AUTHOR

...view details