চিটাৰা ডেস্ক, 28 মাৰ্চ:হলীউড তাৰকা উইল স্মিথলৈ শ্ৰেষ্ঠ অভিনেতাৰ সন্মান ৷ লছ্ এঞ্জেলছৰ ডলবী থিয়েটাৰত অনুষ্ঠিত ৯৪ তম অস্কাৰ বঁটা বিতৰণী অনুষ্ঠানত 'কিং ৰিচাৰ্ড' চলচ্চিত্ৰখনৰ বাবে 'এক্টৰ ইন এ লীড ৰোল' সন্মান লাভ কৰি আৱেগিক হৈ পৰে উইল স্মিথ । ৰেনাল্ডো মাৰ্কাছ গ্ৰীণে পৰিচালিত কৰা কিং ৰিচাৰ্ড ছবিখন এখন জীৱনীমূলক ছবি ৷ প্ৰখ্যাত টেনিছ খেলুৱৈ ভেনাস আৰু চেৰেনা উইলিয়ামছৰ পিতৃ তথা প্ৰশিক্ষক ৰিচাৰ্ড উইলিয়ামছৰ জীৱনৰ আধাৰত নিৰ্মিত এই ছবিখনত অউঞ্জনু এলিছ (Aunjanue Ellis), ছানিয়া চিডনী (Saniyya Sidney), ডেমি চিংগলটন (Demi Singleton), টনি গোল্ডউইন(Tony Goldwyn) আৰু জন বাৰ্ণথালেও (Jon Bernthal) অভিনয় কৰিছে ৷
শ্ৰেষ্ঠ অভিনেতাৰ মনোনয়ন শাখাত উইল স্মিথৰ সৈতে আছিল অভিনেতা জেভিয়েৰ বাৰ্ডেম (Javier Bardem) 'বিয়িং দ্য ৰিকাৰ্ডোছ', বেনেডিক্ট কাম্বাৰবাৰ্চ (Benedict Cumberbatch) 'দ্য পাৱাৰ অফ দ্য ডগ', এণ্ড্ৰিউ গাৰফিল্ড (Andrew Garfield) 'টিক, টিক... বুম!' আৰু ডেনজেল ৱাশ্বিংটন (Denzel Washington) 'দ্য ট্ৰেজেডী অফ মেকবেথ'।