নেশ্যনেল ডেস্ক, 26 অক্টোবৰ: পৰিচালক জয়দ্বীপ চোপ্ৰাৰ সংগীন ছবিত নাৱাজ উদ্দিন চিদ্দিকিক দেখিবলৈ পোৱা যাব ৷ ছবিখনৰ নিৰ্মাতাই সোমবাৰে এই কথা ঘোষণা কৰি কয় যে সংগীন ছবিত নাৱাজুদ্দিন চিদ্দিকিক তেওঁৰ চেক্ৰেদ গেমছ ৰ সহ-অভিনেত্ৰী এলনাজ নৰৌজীৰ সৈতে দেখিবলৈ পোৱা যাব ৷
লণ্ডন আৰু মুম্বাইত দৃশ্য়গ্ৰহন হ'বলগা ছবিখন 2021 ত ছবিগৃহলৈ আহিব বুলি জানিব পৰা গৈছে ৷ চিদ্দিকিয়ে ছবিখনক ব্যতিক্ৰমী বুলি আখ্যা দি কয় যে ছবিখনৰ মননশীল চৰিত্ৰটোক কেনেকৈ চৰিত্ৰায়ন কৰিব সেই লৈ তেওঁ যথেষ্ট শিহৰিত হৈ আছে ৷
অভিনেতা গৰাকীয়ে এক মন্তব্য প্ৰকাশ কৰি কয় যে , "চেক্ৰেড গেমছত কাম কৰাৰ পাছত এলনাজ নৰৌজীৰ সৈতে পুনৰ একেটা টিমতে কাম কৰাৰ মোৰ এক ইচ্ছা আছে ৷ ছবিখনৰ চিত্ৰনাট্য সম্পূৰ্ণ পৰীক্ষণমূলক ৷ তথাপি মোৰ বিশ্বাস আছে যে জয়দ্বীপ চোপ্ৰাই এইক্ষেত্ৰত সম্পূৰ্ণ ন্যায় কৰিব আৰু আমি সকলোৱে মিলি এক ভাল কাম ৰাইজক উপহাৰ দিব পাৰিম ৷"