অসম

assam

ETV Bharat / sitara

মুক্তিৰ বাবে সাজু " ৰামপ্ৰসাদ কী টেহৰবী " - বোলছবিত

অভিনেতা নাছিৰুদ্দিন শ্বাহক দেখা যাব " ৰামপ্ৰসাদ কী টেহৰবী " বোলছবিত । দৰ্শকক ছবিঘৰত গৈ ছবিখন চাবলৈ অনুৰোধ জনাই অভিনেতা নাছিৰুদ্দিন শ্বাহে ।

মুক্তিৰ বাবে সাজু " ৰামপ্ৰসাদ কী টেহৰবী "
মুক্তিৰ বাবে সাজু " ৰামপ্ৰসাদ কী টেহৰবী "

By

Published : Dec 31, 2020, 4:32 PM IST

চিটাৰা ডেস্ক , ৩১ ডিচেম্বৰ : দীৰ্ঘদিনীয়া বিৰতিৰ অন্তত বলীউডৰ প্ৰতিষ্ঠিত অভিনেতা নাছিৰুদ্দিন শ্বাহক দেখা যাব ডাঙৰ পৰ্দাত । আহিবলগীয়া হাস্য়মধুৰ বোলছবি " ৰামপ্ৰসাদ কী টেহৰবী " ত দেখা যাব অভিনেতাজনক । অভিনেত্ৰী সীমা পাহবাৰ পৰিচালিত এই ছবি খনে বাস্তৱ জীৱনৰ বহু ঘটনাক প্ৰতিফলিত কৰিব বুলি আশাবাদী অভিনেতাগৰাকী ।

অভিনেত্ৰী সীমা পাহবাই তেওঁৰ জীৱনত বহু ছবিত অভিনয় কৰি যিবোৰ ঘটনাৰ মুখামুখী হৈছে সেই ঘটনাক এই ছবিখনত উপস্থাপন কৰিবলৈ চেষ্টা চলোৱা বুলিও অভিনেতা গৰাকীয়ে কলে । লগতে ছবিখনৰ কাহিনীৰ বিষয়ে কবলৈ গৈ তেওঁ কয় যে পৰিয়ালত যেতিয়া এজন সদস্য়ৰ মৃত্য়ু হয় তেতিয়া পৰিয়ালৰ আন সদস্য়সকল লগ হৈ যিবোৰ বিষয় আলোচনা কৰে আৰু এই সময়চোৱাত পৰিয়ালৰ আন সদস্য়সকল লগ হৈ কান্দিব নে হাঁহিব তাকলৈ দোমোজাত পৰে । উত্তৰ প্ৰদেশৰ এখন সৰু চহৰৰ এই বিষয়কলৈয়ে এই ছবিখন বুলি জনালে অভিনেতাজনে ।

এই ছবিখনে সকলোৰে মন আকৰ্ষণ কৰিব পাৰিব বুলিও আশাবাদী ৭০ বছৰীয়া অভিনেতাজন । এই ছবি খন ১ জানুৱাৰীত ছবিঘৰত মুক্তি লাভ কৰিব বুলি জনালে অভিনেতাজনে । আনন্দ,হাঁহি,কান্দোন সকলো থকা আমোদজনক এই ছবিখন চাবলৈ দৰ্শকক ছবিঘৰত গৈ চাবলৈ অনুৰোধ জনাই অভিনেতা নাছিৰুদ্দিন শ্বাহে ।

লগতে পঢ়ক :নাতিনী আৰাধ্যাৰ সৈতে গীত বাণীবদ্ধ কৰিলে বিগ-বি অমিতাভ বচ্চনে

ABOUT THE AUTHOR

...view details