অসম

assam

ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’

ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘চাবাছ মিথু’’ৰ প্ৰথম প’ষ্টাৰ মুকলি ৷ ছবিখনৰ মুখ্য ভূমিকাত আছে তাপসী পান্নু ৷

By

Published : Jan 30, 2020, 2:59 PM IST

Published : Jan 30, 2020, 2:59 PM IST

ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’
ছবিগৃহত আহিব মিথালী ৰাজৰ ‘‘চাবাছ মিথু’’

স্পৰ্টছ ডেস্ক, 30 জানুৱাৰীঃবলীউডৰ সৈতে ক্ৰীড়াজগত তথা ক্ৰিকেটৰ আছে ওতঃপ্ৰোত সম্পৰ্ক ৷ সেইয়া লাগিলে চিনেমাই হওক অথবা প্ৰেমজনীত সম্পৰ্কই ৷

মহেন্দ্ৰ সিং ধোনী,শচীন ‘এ বিলিয়নছ ড্ৰীম’আদি সফল ছবিৰ পাচত পুনৰ ছবিগৃহলৈ ভুমুকি মাৰিবলৈ সাজু হৈছে ভাৰতীয় মহিলা ক্ৰিকেটাৰ মিথালী ৰাজৰ জীৱনৰ ওপৰত নিৰ্মাণ হোৱা ছবি ‘‘চাবাছ মিথু’’৷ এই ছবিত মিথালী ৰাজৰ মুখ্য ভূমিকাত অভিনয় কৰিছে তাপসী পান্নুৱে ৷

বুধবাৰে ছবিখনৰ প্ৰথম প’ষ্টাৰ টুইটাৰত শ্বেয়াৰ কৰে অভিনেত্ৰী তাপসী পান্নুৱে ৷ তাপসীৰ এই প’ষ্টৰ পাচতেই ধন্যবাদ জ্ঞাপন কৰে ক্ৰিকেটাৰ মিথালী ৰাজে ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বে কিংবদন্তী খেলুৱৈ কপিল দেৱৰ ওপৰত নিৰ্মাণ হৈ থকা ‘83’ ছবিৰ বহু কেইটা প’ষ্টাৰ মুকলি কৰিছিল ছবিখনৰ অভিনেতা ৰনবীৰ সিঙে ৷ গতিকে অতি সোনকালেই ক্ৰিকেটৰ ওপৰত নিৰ্মাণ হোৱা দুই তাৰকাৰ ছবি ছবিগৃহত উপভোগ কৰিবলৈ সক্ষম হ’ব দৰ্শকে ৷

লগতে চাওক- অষ্ট্ৰেলিয়ান অ’পেনৰ পৰা বাহিৰ ৰাফেল নাডাল

ABOUT THE AUTHOR

...view details