অসম

assam

ETV Bharat / sitara

অটিটি প্লেটফৰ্মত মুকলিৰ বাবে সাজু মনোজ বাজপেয়ীৰ চাইলেন্স

অতি শীঘ্ৰেই অটিটি প্লেটফৰ্মত উপলব্ধ হ'ব মনোজ বাজপেয়ী অভিনীত ছবি চাইলেন্স ৷ 26 মাৰ্চত অটিটি প্লেটফৰ্মত মুক্তি লাভ কৰিব ছবিখনে ৷ এগৰাকী মহিলা ৰহস্যজনকভাৱে নিৰুদ্দেশক লৈ ছবিখনৰ কাহিনীভাগ ৰচনা কৰা হৈছে ৷

By

Published : Feb 13, 2021, 10:04 PM IST

manoj bajpayee starrer silence set for ott release
manoj bajpayee starrer silence set for ott release

চিটাৰা ডেস্ক, 13 ফেব্ৰুৱাৰী:26 মাৰ্চত মুক্তিৰ লাভ কৰাৰ বাবে সাজু হৈছে মনোজ বাজপেয়ী অভিনীত হত্যাৰ ৰহস্যমূলক ছবি চাইলেন্স ৷ শনিবাৰে অভিনেতা গৰাকীয়ে টুইটাৰযোগে এই কথা সদৰী কৰে ৷ বাজপেয়ীৰ সৈতে ছবিখনৰ মুখ্য চৰিত্ৰত প্ৰাচি দেশাই আৰু অৰ্জুন মাথোৰে অভিনয় কৰিছে ৷

26 মাৰ্চত ZEE5Premium ত ছবিখনে মুক্তি লাভ কৰাৰ কথা প্ৰকাশ কৰি বাজপেয়ীয়ে টুইটযোগে এইবুলি কয় , "When everyone is hiding the truth, justice will thrive despite the Silence. Prepare for a murder mystery that will keep you guessing till the end. #SilenceCanYouHearIt premieres 26th March on @ZEE5Premium," ৷

ছবিখনৰ কাহিনীভাগ এগৰাকী মহিলাৰ ৰহস্যজনৰ নিৰুদ্দেশক লৈ আগবাঢ়িছে ৷ যাৰ মৃত শৰীৰ এদিন পাছত আৰক্ষীয়ে উদ্ধাৰ কৰে ৷

চাইলেন্সৰ সমান্তৰালকৈ 'দা ফেমিলি মেন' ৰ দ্বিতীয়টো চিজনতো মনোজক দেখিবলৈ পোৱা যাব ৷ অপৰাধ সাংবাদিকতাৰ উপৰত নিৰ্মিত অন্য এখন থ্ৰীলাৰ ছবি ডিচপেট্চটো অভিনেতা গৰাকীয়ে কাম কৰি আছে বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক:থ্ৰিলাৰ ছবি ‘ডোবাৰা’ৰ বাবে পুনৰ একত্ৰিত তাপসী-অনুৰাগ

ABOUT THE AUTHOR

...view details