নিউজ ডেস্ক, 25 এপ্ৰিলঃ বলিউডত এতিয়া বায়'পিকৰ ট্ৰেণ্ড ৷ এখনৰ পাচত আন এখন বায়'পিক নিৰ্মাণ হৈছে বলিউডত৷ বলিউডৰ তাৰকাকে ধৰি বহুজন খেলুৱৈৰ ওপৰত বায়ে'পিক নিৰ্মাণ কৰাৰ পাচত শেহতীয়াকৈ দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী, পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ওপৰতো বায়'পিক নিৰ্মাণ কৰিছে ছবি নিৰ্মাতাই ৷ কিন্তু লোকসভা নিৰ্বাচন প্ৰাকক্ষণত নিৰ্বাচন আচৰণবিধি উলংঘা কৰাৰ ৰোষত নিৰ্বাচন আয়োগে 'পি এম নৰেন্দ্ৰ মোডী' মুক্তিত বাধা আৰোপ কৰাৰ পাচত এইবাৰ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ওপৰত আধাৰিত বায়'পিক 'বাঘিনী'ৰ ট্ৰেইলাৰ বন্ধ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৷ নিৰ্বাচন আয়োগৰ অভিযোগ অনুসৰি চেঞ্চৰ ব'ৰ্ডৰ পৰা প্ৰমাণ পত্ৰ গ্ৰহণ কৰা নাই ছবিখনে ৷
আৰু পঢ়ক: লোকসভা নিৰ্বাচনৰ পাচতে ঘোষণা কৰা হ'ব ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা