অসম

assam

By

Published : Feb 10, 2021, 5:32 PM IST

ETV Bharat / sitara

3D ৰামায়ণত দীপিকাৰ বিপৰীতে মহেশ বাবু!

প্ৰযোজক মধু মন্টেনাৰ সপোনৰ ছবি ‘ৰামায়ণ’ত ৰামৰ চৰিত্ৰটোৰ বাবে দক্ষিণৰ অভিনেতা মহেশ বাবুৰ নাম বাচনি কৰা হৈছে ৷ অভিনেতাগৰাকীয়ে ছবিখনৰ কাহিনীভাগ ভাল পাইছে যদিও এই পৰ্যন্ত অভিনয়ৰ বাবে সেউজ সংকেত প্ৰদান কৰা নাই ৷

Mahesh Babu to play Ram opposite Deepika in 3D Ramayana?
3D ৰামায়ণত দীপিকাৰ বিপৰীতে মহেশ বাবু!

চিটাৰা,10 ফেব্ৰুৱাৰী: পৌৰাণিক মহাকাব্য ৰামায়ণৰ আধাৰত নিৰ্মান হ’বলগীয়া ছবি ‘ৰামায়ণ’ত শ্ৰী ৰামৰ চৰিত্ৰ ৰূপায়ণৰ বাবে তেলুগু চুপাৰষ্টাৰ মহেশ বাবুৰ নাম প্ৰস্তাৱিত কৰা হৈছে ৷ 3Dত নিৰ্মান হ’বলগীয়া এই ছবিখনত সীতাৰ চৰিত্ৰত অভিনয় কৰিব বলিউড অভিনেত্ৰী দীপিকা পাডুকনে ৷ এই ছবিখন প্ৰযোজক মধু মন্টেনাৰ এক সপোনাৰ প্ৰজেক্ট যাৰ বাবে প্ৰযোজক গৰাকীয়ে ইয়াত দক্ষিণৰ অভিনয় জগতৰ ডাঙৰ ডাঙৰ নামসমূহ অন্তৰ্ভূক্ত হোৱাটো বিচাৰে ৷

3D ৰামায়ণত দীপিকাৰ বিপৰীতে মহেশ বাবু!

সীতাৰ চৰিত্ৰৰ বাবে দীপিকা পাডুকনৰ নাম নিৰ্বাচন কৰাৰ লগতে ছবিখনৰ নিৰ্মাতাই ৰাৱণৰ চৰিত্ৰটোৰ বাবে হৃত্বিক ৰোশনৰ নাম বাচনি কৰিছে ৷ লগতে মূখ্য চৰিত্ৰ ৰামৰ বাবে দক্ষিণৰ অভিনেতা মহেশ বাবুৰ নাম চৰ্চালৈ আহিছে ৷

উল্লেখ্য যে, মধু মন্টেনাই পূৰ্বে বাহুবলী অভিনেতা প্ৰভাসক ৰামৰ চৰিত্ৰটোৰ বাবে নিৰ্বাচিত কৰিছিল যদিও অভিনেতা গৰাকী ওম ৰাৱটৰ আহিবলগীয়া ছবি ‘আদিপুৰুষ’ৰ শ্বুটিঙত ব্যস্ত ৷ আদিপুৰুষ ছবিখনো ৰামায়ণৰে আধাৰত নিৰ্মান কৰা হৈছে ৷ সম্প্ৰতি নিৰ্মাতাই মহেশ বাবুক ৰামৰ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰিছে ৷ অভিনেতাগৰাকীয়ে ছবিখনৰ কাহিনীভাগ ভাল পাইছে যদিও বৰ্তমানলৈকে অভিনয়ৰ বাবে সেউজ সংকেত প্ৰদান কৰা নাই ৷

এক ৱেবলইডত প্ৰকাশ পোৱা অনুসৰি প্ৰযোজক মন্টেনাৰ মতে ৰামৰ চৰিত্ৰটোৰ বাবে আৱশ্যকীয় সৰলতা অভিনেতা মহেশ বাবুৰ তাত আছে ৷ সম্প্ৰতি অভিনেতা মহেশ বাবু আহিবলগীয়া ছবি ‘মেজৰ’ৰ প্ৰযোজনাৰ কামত ব্যস্ত ৷ এই ছবিখন 2008 চনৰ মুম্বাই আক্ৰমণত শ্বহীদ হোৱা সন্দ্বীপ উন্নিকৃষ্ণনৰ জীৱনৰ ওপৰত আধাৰিত ৷ ছবিখনত উন্নিকৃষ্ণনৰ চৰিত্ৰ ৰূপায়ন কৰিব আদিৱিশেষে ৷

লগতে পঢ়ক-ৰাজীৱ কাপুৰৰ মৃত্যুত শোকপ্ৰকাশ আশুতোষ গোৱাৰিকাৰৰ

ABOUT THE AUTHOR

...view details