অসম

assam

ETV Bharat / sitara

ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট

বলিউডৰ বলিষ্ঠ অভিনেতা সঞ্জয় দত্তই কৰ্কট ৰোগৰ চিকিৎসা গ্ৰহণ কৰি থকাৰ সময়তে তেওঁৰ পত্নী মান্যতা দত্তই ভয়ৰ সতে যুঁজ দিয়াৰ ক্ষেত্ৰত ইন্ষ্টাগ্ৰামযোগে এক প্ৰেৰণামূলক প'ষ্ট শ্বেয়াৰ কৰে ৷

ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট
ভয়ৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত মান্যতা দত্তৰ অনুপ্ৰেৰণামূলক প'ষ্ট

By

Published : Sep 16, 2020, 8:51 AM IST

চিটাৰা ডেস্ক, 16 ছেপ্তেম্বৰ:কৰ্কট ৰোগত আক্ৰান্ত গৈছে বলিউডৰ বলিষ্ঠ অভিনেতা সঞ্জয় দত্ত ৷ সম্প্ৰতি তেওঁ কৰ্কট ৰোগত চিকিৎসা গ্ৰহণ কৰি আছে ৷ তেনে সময়তে তেওঁৰ পত্নী মান্যতা দত্তই ভয়ৰ সতে যুঁজ দিয়াৰ ক্ষেত্ৰত এক অনুপ্ৰেৰণামূলক প'ষ্ট শ্বেয়াৰ কৰে ৷

মান্যতা দত্তই নিজৰ এখন থ্ৰ'বেক ফটোসহ তেওঁ ইন্ষ্টাগ্ৰামত লিখে, "ভয়ৰ দুটা অৰ্থ আছে: সকলো পাহৰা আৰু সকলোৰে সৈতে মুখামুখি হৈ উজ্বলি উঠা...পচন্দ আপোনাৰ নিজৰ !"

ফটোখনত মান্যতাই এটা অট্টালিকাৰ সন্মুখত সেউজীয়া আৰু গোলপীয়া ৰঙৰ পোছাক পিন্ধি প'জ দিয়া পৰিলক্ষিত হৈছে ৷ বিগত মাহতো মান্যতাই শান্তি, ৰক্ষা আৰু ইতিবাচকতাৰ কামনাৰে ভগৱান গণেশক প্ৰাৰ্থনা জনাই ইন্ষ্টাগ্ৰাম যোগে এক প'ষ্ট শ্বেয়াৰ কৰিছিল ৷

11 আগষ্টত শ্বাস-প্ৰশ্বাসজনিত কাৰণ আৰু বুকুত অসুবিধা পোৱাৰ বাবে অভিনেতা সঞ্জয় দত্তক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল ৷ তেতিয়া তেওঁ চিকিৎসাৰ বাবে কিছুদিন অৱকাশ ল'ব বুলি জনাইছিল ৷ অৱশ্যে বৰ্তমানলৈ অভিনেতা গৰাকীয়েই হওক বা তেওঁৰ পৰিয়ালবৰ্গয়েই হওক, আনুষ্ঠানিকভাৱে তেওঁলোকে এই পৰ্যন্ত কোনো ধৰণৰ তথ্য প্ৰকাশ কৰা নাই ৷

কিন্তু বাণিজ্য বিশ্লেষক তথা ফিল্ম ইণ্ডাষ্ট্ৰীৰ আভ্যন্তৰীণ সুত্ৰ কোমল নাহটাই প্ৰকাশ কৰা অনুসৰি, অভিনেতা গৰাকী হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ "সঞ্জয় দত্ত হাওঁফাওৰ কৰ্কট ৰোগত আক্ৰান্ত হৈছে ৷ আহক সকলোৱে তেওঁৰ দ্ৰুত আৰোগ্যৰ কামনা কৰো" বুলি তেওঁ টুইট কৰিছিল ৷

লগতে পঢ়ক:মায়ানগৰীত স্বপ্ৰতিভাৰে জিলিকিছে অসম কন্যা

ABOUT THE AUTHOR

...view details