অসম

assam

ETV Bharat / sitara

পদ্মবিভূষণ সংগীত শিল্পী পণ্ডিত যশৰাজৰ দেহাৱসান

ভাৰতীয় সাংস্কৃতিক জগতলৈ দুঃখবৰ ৷ 90 বছৰ বয়সত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু প্ৰসিদ্ধ সংগীত শিল্পী পণ্ডিত যশৰাজৰ ৷

Legendary Indian Classical Vocalist Pandit Jasraj Passes Away
Legendary Indian Classical Vocalist Pandit Jasraj Passes Away

By

Published : Aug 18, 2020, 3:41 AM IST

নিউজ ডেস্ক, 18 আগষ্ট: ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী পণ্ডিত যশৰাজৰ ইহলীলা সম্বৰণ । সোমবাৰে আমেৰিকাৰ নিউ জাৰ্ছীত হৃদৰোগ (কাৰ্ডিক এৰেষ্ট) ত শেষ নিশ্বাস ত্যাগ পদ্মবিভূষণ সংগীত শিল্পীগৰাকীৰ । পৰিয়ালৰ লোকে জানিবলৈ দিয়ে শিল্পীগৰাকীৰ মৃত্যু হোৱাৰ খবৰ ৷ মৃত্যুৰ সময়ত শিল্পীগৰাকীৰ বয়স আছিল 90 বছৰ । আমেৰিকাৰ সময় অনুসৰি পুৱা 5.15 (ইষ্টাৰ্ণ টাইম জ’ন) ত শেষ নিশ্বাস ত্যাগ কৰে শিল্পীগৰাকীয়ে ৷

1930 চনৰ 28 জানুৱাৰীত হাৰিয়ানাৰ হিছাৰ জিলাৰ পিলি মান্দ’ৰি গাঁৱত জন্মগ্ৰহণ কৰিছিল শিল্পীগৰাকীয়ে । সৰুৰে পৰা শাস্ত্ৰীয় সংগীতৰ প্ৰতি যথেষ্ট ঢাউতি আছিল যশৰাজৰ ৷ সংগীতৰ ক্ষেত্ৰখনক দিয়া তেওঁৰ অনবদ্য অৱদানৰ বাবে 1975 চনত‘‘পদ্মশ্ৰী’’, 1990 চনত‘‘পদ্মভূষণ’’আৰু 2000 চনত‘‘পদ্মবিভূষণ’’ সন্মানেৰেও সন্মানিত কৰা হৈছিল পণ্ডিত যশৰাজক ৷

পণ্ডিত যশৰাজৰ মৃত্যুত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ লগতে কণ্ঠশিল্পী ছালিম মাৰচেণ্টেও টুইট যোগে শোক প্ৰকাশ কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷

লগতে চাওক-সুশান্তৰ বাবে কৰা প্ৰাৰ্থনাত অংশগ্ৰহণ কৰিলে 10 লাখতকৈ অধিক লোকে

For All Latest Updates

ABOUT THE AUTHOR

...view details