চিটাৰা ডেস্ক,25 ফেব্ৰুৱাৰী:বলীউডৰ অভিনেত্ৰী কৃতী সেননৰ বাবে এটা ব্যস্ততাপূৰ্ণ বছৰে অপেক্ষা কৰি আছে ৷ মুক্তিৰ অপেক্ষাত থকা পাঁচখনকৈ ছবিৰ লগতে অভিনেত্ৰী গৰাকীৰ বহুকেইটা প্ৰজেক্ট প্ৰডাকশ্যনৰ বেলেগ বেলেগ স্তৰত আছে ৷ এইসমূহৰ মাজত বৃহৎ প্ৰডাকশ্যন হাউচ আৰু নতুন শৈলীৰ ছবিৰ লগতে অনুৰাগীসকলে বিচৰা ধৰণৰ ব্যৱসায়িক ছবিও অন্তৰ্ভুক্ত হৈ আছে ৷
আহিবলগীয়া মাহ সমূহত বচ্চন পাণ্ডে, মিমি, আদিপুৰুষ, ভেডিয়া, গণপথ আদি বিভিন্ন ছবিত সেননক দেখিবলৈ পোৱা যাব ৷ অভিনেত্ৰী গৰাকীৰ ব্যস্ততা দেখিলে সকলোৰে মনলৈ এই ধাৰণা অহাই স্বাভাৱিক যে, কামৰ এনে হেঁচাই হয়তো অভিনেত্ৰী গৰাকীক ব্যতিব্যস্ত কৰি তুলিছে ৷ সম্ভৱতঃ ভয় খাবলৈ বা কামৰ হেঁচা অনুভৱ কৰিবলৈও অভিনেত্ৰীগৰাকীৰ সময়ৰ অভাৱ ৷
অৱশ্যে কৃতিৰ এই ব্যস্ততাক লৈ বহুজনে বহু কথা ধাৰণা কৰিলেও এই সন্দৰ্ভত কৃতিয়ে নিজৰ মনৰ কথা প্ৰকাশ কৰিছে ৷ কৃতিয়ে সংবাদ মাধ্যমক জনাই যে, ভয়ে প্ৰায়েই তেওঁক পাছলৈ টানে ৷ কিন্তু তেওঁ এবাৰ যেতিয়া বুজি পাই যে তেওঁ কিহৰ বাবে এটা প্ৰজেক্ট কৰিছে তাৰ পাছৰ পৰা আৰু তেওঁক আৰু ভয়ে নেখেদে ৷