অসম

assam

বলিউড ডিভা কৰীণা কাপুৰৰ অনুৰাগীসকলৰ বাবে সুখবৰ !

By

Published : Jul 1, 2019, 3:01 PM IST

আৰম্ভ হ'ল কৰীণা কাপুৰৰ নতুন চলচ্চিত্ৰৰ শ্বুটিঙৰ কাম

বলিউড ডিভা কৰীণা কাপুৰৰ অনুৰাগীসকলৰ বাবে সুখবৰ !

নিউজ ডেক্স,১ জুলাইঃআৰম্ভ হ'ল বি টাউনৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰৰ আহিবলগীয়া চলচ্চিত্ৰ 'অংগৰেজী মিডিয়াম'ৰ শ্বুটিঙৰ কাম । চলচ্চিত্ৰখনত অভিনেত্ৰীগৰাকীৰ প্ৰথমটো লুকে মন্ত্ৰমুগ্ধ কৰি তুলিছে সকলো অনুৰাগীকে। শেহতীয়াকৈ প্ৰকাশ পোৱা ফটোখনত কৰীণা কাপুৰক দেখিবলৈ পোৱা গৈছে এগৰাকী আৰক্ষী বিষয়াৰ ৰূপত ।

বলিউড ডিভা কৰীণা কাপুৰৰ অনুৰাগীসকলৰ বাবে সুখবৰ !

চলচ্চিত্ৰ সমালোচক তৰণ আদৰ্শই নিজৰ টুইটাৰ যোগে প্ৰকাশ কৰে কৰীণা কাপুৰৰ এই নতুন লুক। ২০০০ চনতে 'ৰিফিউজী'ৰ জৰিয়তে অভিনয় ক্ষেত্ৰত পদাৰ্পণ কৰা অভিনেত্ৰী গৰাকীয়ে সফলতাৰে সম্পূৰ্ণ কৰে অভিনয়ৰ ১৯ টা বছৰ। উল্লেখ্য যে, কৰীণা কাপুৰে অভিনয় কৰা 'অংগৰেজী মিডিয়াম' চলচ্চিত্ৰখন ২০১৭ বৰ্ষৰ হিট চলচ্চিত্ৰ 'হিন্দী মিডিয়াম'ৰ চিকুৱেল ।

ABOUT THE AUTHOR

...view details