অসম

assam

ETV Bharat / sitara

সংবাদ মাধ্যমক প্ৰত্যাহ্বানঃ ক্ষমা নোখোজে কংগনাই - ৰংগলী চাণ্ডেল

এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে (Entertainment Journalists’ Guild) অভিনেত্ৰী কংগনা ৰানাৱতক ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ 7 জুলাইত ‘জাজমেণ্টেল হে ক্যা’ শীৰ্ষক ছবিখনৰ এটা গান উন্মোচনৰ সময়ত জাষ্টিন ৰাও নামৰ এজন সাংবাদিকৰ লগত বাক্ যুদ্ধত লিপ্ত হৈছিল কংগনা ৷

মিডিয়ালৈ কংগনাৰ প্ৰত্যাহবান:‘নিষিদ্ধ কৰক মোক’

By

Published : Jul 11, 2019, 6:17 PM IST

Updated : Jul 11, 2019, 7:12 PM IST

নিউজ ডেস্ক, 11 জুলাই: ক্ষমা নোখোজে অভিনেত্ৰী কংগনা ৰানাৱতে ৷ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে ভগ্নী ৰংগলী চাণ্ডেলৰ টুইটাৰযোগে এক ভিডিঅ'ত স্পষ্ট কৰিলে নিজৰ স্থিতি ৷

এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে (Entertainment Journalists’ Guild) অভিনেত্ৰী কংগনা ৰানাৱতক ক্ষমা খুজিবলৈ আহ্বান জনাইছিল ৷ 7 জুলাইত ‘জাজমেণ্টেল হে ক্যা’ শীৰ্ষক ছবিখনৰ এটা গান উন্মোচনৰ সময়ত জাষ্টিন ৰাও নামৰ এজন সাংবাদিকৰ লগত বাক্ যুদ্ধত লিপ্ত হৈছিল কংগনা ৷ ইয়াৰ পিছতেই বালাজী টেলিফিল্মচ আৰু প্ৰযোজক একতা কাপুৰে টুইটাৰযোগে ক্ষমা খোজে এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডক ৷ ইয়াৰ পিছতেই এণ্টাৰটেইনমেন্ট জাৰ্ণলিষ্ট গীল্ডে তেওঁলোকৰ এই নিষেধাজ্ঞাই ছবিখনক কোনো ধৰণে ক্ষতি নকৰে বুলি জনায় যদিও কংগনাই নিজে ক্ষমা নোখোজালৈকে তেওঁৰ ওপৰত এই নিষেধাজ্ঞা অব্যাহত থাকিব বুলি জনায় ৷

Last Updated : Jul 11, 2019, 7:12 PM IST

ABOUT THE AUTHOR

...view details